যোৰহাট, 18 নৱেম্বৰ : জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিল কৰিবলৈ গৈ প্ৰতিবাদ কৰা অখিল গগৈ আৰু দেৱাংগনা কলিতা এতিয়াও চৰকাৰী ৰঙাঘৰৰ আলহী হৈ আছে । আনহাতে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনত দৈনিক বৃদ্ধি পাইছে সাংবাদিক নিৰ্যাতনৰ ঘটনা । ইয়াৰ উপৰিও সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল, কিন্তু এতিয়াও হত্যাকাণ্ডৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । গৃহ বিভাগৰ দায়িত্বত থাকিও মুখ্যমন্ত্ৰীয়ে এতিয়াও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । সাম্প্ৰদায়িকীৰণৰ ৰাজনীতি কৰি এতিয়া পুনৰ গাদী দখলৰ চেষ্টা কৰিছে বিজেপিয়ে । এই বিস্ফোৰক মন্তব্য কা-বিৰোধী ঐক্য মঞ্চৰ ।
আজি যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কা-বিৰোধী ঐক্য মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যখনত চলি থকা জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক : মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া