যোৰহাট, 9 এপ্ৰিলঃ 2019 লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে যোৰহাট জিলা প্ৰশাসন ৷ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ বাবে প্ৰশাসন যথেষ্ট তৎপৰ হৈ উঠিছে ৷ ইতিমধ্যে 607টা ভোটকেন্দ্ৰলৈ যাবলৈ সাজু নিৰ্বাচনী বিষয়াসকলৰ বাবে 650 খন বাহন ইতিমধ্যে অধিগ্ৰহণ কৰিছে প্ৰশাসনে ৷ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বাহন, হুইল চেয়াৰ তথা দৃষ্টিহীন লোক সকলৰ বাবে ব্ৰেইলী বেলট পেপাৰৰো ব্যৱস্থা কৰাৰ লগতে নিৰাপত্তাৰ দিশতো চোকা দৃষ্টি ৰখা হৈছে ৷ যোৰহাটৰ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত যোৰহাটৰ সাংবাদিক দীপক মুক্তিয়াৰৰ এক প্ৰতিবেদন ৷
যোৰহাট লোকসভা সমষ্টিত সাজু হৈ উঠিছে প্ৰশাসন - pooling start soon
জিলা প্ৰশাসনৰ লগতে 607টা ভোটকেন্দ্ৰৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্বাচনী বিষয়াসকলো ৷ অধিগ্ৰহণ কৰা হৈছে 650 খন বাহন
যোৰহাট, 9 এপ্ৰিলঃ 2019 লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে যোৰহাট জিলা প্ৰশাসন ৷ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ বাবে প্ৰশাসন যথেষ্ট তৎপৰ হৈ উঠিছে ৷ ইতিমধ্যে 607টা ভোটকেন্দ্ৰলৈ যাবলৈ সাজু নিৰ্বাচনী বিষয়াসকলৰ বাবে 650 খন বাহন ইতিমধ্যে অধিগ্ৰহণ কৰিছে প্ৰশাসনে ৷ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বাহন, হুইল চেয়াৰ তথা দৃষ্টিহীন লোক সকলৰ বাবে ব্ৰেইলী বেলট পেপাৰৰো ব্যৱস্থা কৰাৰ লগতে নিৰাপত্তাৰ দিশতো চোকা দৃষ্টি ৰখা হৈছে ৷ যোৰহাটৰ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত যোৰহাটৰ সাংবাদিক দীপক মুক্তিয়াৰৰ এক প্ৰতিবেদন ৷
মাত্ৰ এটা দিন বাকী।এটা দিনৰ পাছতেই ইভিএম ত বন্দী হব ৰাজনৈতিক প্ৰাৰ্থী সকলৰ ভাগ্য।ৰাইজৰ বিচাৰ কাৰহকে যাব সেয়া নিশ্চিত হোৱাৰ দিনটো সমাগত।ইতিমধ্যে প্ৰথম পয্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিছে।ইয়াৰ লগে লগে সাজু হৈ উঠিছে নিৰ্বাচনী বিষয়া সকল।যাতে সুকলমে পৰিসমাপ্তি হয় ভোটগ্ৰহনৰ।যোৰহাট জিলা প্ৰশাসন ইতিমধ্যে সম্পূৰ্ণ ৰূপে সাজু।যোৰহাট লোক সভা সমষ্টিত ১০ টাকৈ বিধান সভা সমষ্টিত সাজু প্ৰশাসন।যোৰহাট নিৰ্বাচনী জিলাত ৬০৭ ভোটগ্ৰহন কেন্দ্ৰলৈ যাবলৈ সাজু হৈ উঠিছে বিভিন্ন নিৰ্বাচনৰ বিষয়াসকল।৬৫০খনতকৈ অধিক বাহন অধীগ্ৰহন কৰা হৈছে।আনহাতে ৪৫ টাকৈ ভোটগ্ৰহন কেন্দ্ৰত web casting কৰা হৈছে।লগতে বিশেষ ভাৱে সক্ষম লোকৰ বাবে বাহন,হুইল চেয়াৰ,দৃষ্টি হীন লোকৰ বাবে ব্ৰেইলী বেলট পেপাৰৰ ব্যৱস্থা কৰা হৈছে।