ETV Bharat / city

৫০% শতাংশ কৰ্মচাৰী লৈ যোৰহাটত খুলিব পাৰিব চাহ বাগিছা

১১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব যোৰহাট জিলাখনত থকা চাহ বাগিচা সমূহৰ দৈনিন্দিন কাম । ৫০ শতাংশ কৰ্মচাৰীৰে চাহ বাগিছা খোলাৰ নিৰ্দেশ উপায়ুক্তৰ । কিন্তু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।

author img

By

Published : Apr 11, 2020, 5:07 PM IST

৫০% শতাংশ কৰ্মচাৰী লৈ যোৰহাটত খুলিব পাৰিব চাহ বাগিছা
jorhat dc orderd to re-open-tea-garden-at-jorhat

যোৰহাট, ১১ এপ্ৰিলঃ শনিবাৰ অৰ্থাৎ ১১ এপ্ৰিলৰ পৰা যোৰহাট জিলাত থকা সকলো চাহ বাগিছা সমূহ পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ । কিন্তু ইয়াৰ মাজতো আছে কিছু বিশেষ নিৰ্দেশ । মাত্ৰ ৫০ শতাংশ কৰ্মচাৰী হে ব্যৱহাৰ কৰিব পাৰিব বাগিছা কৰ্তপক্ষই । আনহাতে চাহ বাগিছাত কৰ্মচাৰী সমূহে মাস্ক পৰিধান কৰাটো হৈছে বাধ্যতামূলক । অন্যথা আইন ভংগ কাৰি হিচাবে গণ্য কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ইয়াৰ উপৰিও সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ আধৰুৱা মাথাউৰি সমূহো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্তগাৰকীয়ে । আনহাতে চিৰা ফেক্টৰী সমূহো অতি শীঘ্ৰেই মুকলিৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

যোৰহাট জিলা উপায়ুক্ত ৰশ্নী অপাৰেন্জী কৰাটি

আনহাতে যোৰহাটৰ ন-আলি উৰণীয়া সেতুৰো পুনৰ নিৰ্মাণ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ দিয়া হ'ব বুলি যোৰহাট জিলা উপায়ুক্ত ৰশ্নী অপাৰেন্জী কৰাটিয়ে ইটিভি ভাৰত অসমৰ আগত ব্যক্ত কৰে । লগতে জৰুৰী কালীন খাদ্য সামগ্ৰী প্ৰতিষ্ঠানৰ বাহিৰে আন আন ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব বুলি উল্লেখ কৰিছে উপায়ুক্তগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.