টীয়ক, 19 এপ্ৰিল : আজি অসমীয়াৰ জেং বিহু ৷ ঠাই ভেদে ইয়াক গাভৰু বিহু বুলিও জনা যায় ৷ অসমীয়াৰ সাত বিহুৰ অন্যতম এই জেং বিহুৰ আছে এক সুকীয়া বৈশিষ্ট্য ৷ জেং বিহুৰ দিনা গাঁৱৰ বোৱৰী, জীয়ৰী লগ হৈ পথাৰত নতুবা হাবিত একেলগে বিহু মাৰে (Jeng Bihu celebrations at Teok) ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় এই জেং বিহু অথবা গাভৰু বিহু ৷ কৰ্মসূত্ৰে বা বিবাহসূত্ৰে ঘৰৰ পৰা আঁতৰত থকা প্ৰতিজনী জীয়ৰী এই ব’হাগ বিহুৰ সময়তে ঘৰলৈ আহে(Rangali bihu celebrations in Assam) ৷ ঘৰলৈ আহিয়েই নিজৰ সখীসকলক লগ পাই আনন্দ-উল্লাসত এপাক বিহু মাৰে সকলোৱে ৷ তেনেদৰেই সকলোৱে মিলি আপোন ব’হাগক আদৰণি জনায় ৷
জেং বিহু সাধাৰণতে মহিলাসকলে প্ৰদৰ্শন কৰে ৷ মহিলাসকলে বিহু মাৰিবলৈ হাবি নতুবা পথাৰলৈ যোৱাৰ পৰত এডাল জেং মাটিত পেলাই থৈ যায়, যাতে তেওঁলোকৰ ওপৰত কোনো পুৰুষৰ চকু নপৰে ৷
পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি টীয়ক তেলীয়া গাঁৱৰ মহিলাসকলে মঙলবাৰে গোট খাই প্ৰদৰ্শন কৰে জেং বিহু ৷ বিহু গীত আৰু টকাৰ মাতত প্ৰকৃতিক উন্মনা কৰাৰ প্ৰয়াস কৰি নানা ৰং-ৰহইচৰ মাজেৰে আত্মহাৰা হৈছে তেওঁলোক ৷ এই পৰম্পৰা যাতে উঠি অহা প্ৰজন্মই অনুকৰণ কৰি চেনেহৰ বিহুটি উদযাপন কৰে, তাৰেই কামনা কৰে মহিলাসকলে ৷
লগতে পঢ়ক: বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীয়ে প্ৰদৰ্শন কৰিলে হুঁচৰি