টীয়ক, 16 মাৰ্চ : ৰঙৰ উৎসৱ ফাকুৱা । উতলা উন্মনা ফাগুনৰ বতৰত পুনৰ আবিৰৰ ৰঙেৰে মতলীয়া হ'বলৈ সাজু হৈছে ৰাজ্যবাসী । ফাকুৱা উৎসৱক লৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতিৰ লগতে উছাহ । ব্যতিক্ৰম নহয় টীয়কো, টীয়কৰ লাহদৈগড় ডাঙৰীয়া টোল মন্দিৰত ফাকুৱাৰ উপলক্ষ্যে বিৰাজ কৰিছে উৎসৱময় পৰিবেশে(Holi preparation at Lahdoigarh Dangoria Tool)।
ইতিহাস গৰকা লাহদৈগড় ডাঙৰীয়া টোল মন্দিৰটো ১৬ শ শতিকাতে প্ৰতিষ্ঠা কৰা হৈছিল । প্ৰবাদ অনুসৰি, আহোম ৰাজত্ব কালৰ শেষৰ সময়ছোৱাত কেইবাগৰাকীও ৰাজ বিষয়াৰ নেতৃত্বত তথা অঞ্চলবাসীৰ সহযোগত ফাগুনৰ পূৰ্ণিমাৰ দিনা ব্ৰহ্মপুত্ৰৰ বালিৰ পৰা গোবিন্দ প্ৰভুত মূৰ্তি তুলি আনি স-সন্মানেৰে প্ৰতিষ্ঠা কৰা হৈছিল ৷ তেতিয়াৰে পৰা অঞ্চলবাসীয়ে ফাল্গূৎসৱ(ফাকুৱাৰ) উদযাপন কৰি আহিছে ।
বৰ্তমানো এই মন্দিৰত প্ৰায় ৬৫টা শালেগ্ৰামৰ লগতে বহু পূজাত ব্যৱহৃত ৰজাদিনীয়া শৰাই, দবা, পিতলৰ সামগ্ৰী তথা বয়বস্তু ৰাইজে সযতনে ৰাখিছে । তিনিশ বছৰীয়া পুৰণি পৰম্পৰা ৰক্ষা কৰি এইবাৰো ৰাইজে তিনিদিনীয়াকৈ আয়োজন কৰিছে ফাল্গূ উৎসৱৰ(ফাকুৱা) । সেয়েহে অঞ্চলটোৰ ৰাইজৰ মাজত উছাহৰ অন্ত নাই । সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আয়োজন কৰি অহা গোবিন্দ মহাপ্ৰভুখ্যাত এই মন্দিৰত দিনে নিশাই এতিয়া হোলী গীতৰ ধ্বনি উঠিছে ।
বিগত বছৰত দেশৰ পৰিস্থিতিৰ বাবে ৰাইজে এই উৎসৱ উলহ মালহেৰে উৎযাপন কৰিব পৰা নাছিল ৷ যাৰবাবে এইবাৰ অঞ্চলটোৰ আবাল-বৃদ্ধ-বনিতা সকলোৱে এই উৎসৱটিক আদৰিবলৈ সাজু হৈছে ।
লগতে পঢ়ক : কছাৰী বিহুৰে মুখৰিত ধেমাজিৰ গৰৈমাৰী পথাৰ