যোৰহাট, 13 ছেপ্টেম্বৰ : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোমবাৰে পুৱা পৰিদৰ্শন কৰে নিমাতীঘাটৰ নাও দুৰ্ঘটনাস্থলী । নিমাতীঘাটৰ পৰিস্থিতিৰ লগতে মন্ত্ৰীগৰাকীয়ে ১০৮ সেৱাৰো বুজ লয় ৷ উল্লেখ্য যে, বৃহত্তৰ মাজুলীৰ বাবে নিমাতীঘাটত তিনিখন ১০৮ সেৱা উপলব্ধ কৰা হৈছে ।
![health minister Keshab Mahanta inspections of Nimatighat 108 service](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-13sep-801-805-kasab-at-nimatighat-as10039_13092021112833_1309f_1631512713_416.jpg)
ইয়াৰে এখনৰ সম্প্ৰতি পাম্পৰ মেৰামতি চলি আছে । চৰকাৰে এতিয়ালৈ নতুনকৈ ১০৮ এম্বুলেন্স সেৱা সংযোজন কৰাৰ সিদ্ধান্ত লোৱা নাই ৷ যাৰ বাবে এতিয়া তিনিখন নাৱেৰে জোৰা-টাপলি মাৰি চলিব লাগিব মাজুলীবাসী । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিমাতীঘাট পৰিদৰ্শন কৰি পুনৰ মাজুলী ভ্ৰমণ কৰাৰ কথা ব্যক্ত কৰে ৷
তেওঁ মাজুলীৰ সদৰ গড়মূৰত নিৰ্মাণ হৈ থকা আয়ুষ হাস্পতালত যাতে মাজুলীবাসীয়ে উন্নত স্বাস্থ্য সেৱা লাভ কৰিব পাৰে, তাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে ।
কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ৮ ছেপ্টেম্বৰৰ ঘটনাটোৰ পাছত এতিয়া ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে গুৰুত্ব দিছে মাজুলীক । পূৰ্বতে কিন্তু ইমান গুৰুত্ব দিয়া হোৱা নাছিল মাজুলীক । মাজুলীবাসীৰ প্ৰতি চৰকাৰ প্ৰকৃততে সদয় হৈছে নে পুনৰ মাজুলীবাসীক লৈ ৰাজনীতি কৰিছে চৰকাৰে, সেয়া এই সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ কিয়নো ৰাজ্যত সমাগত উপ নিৰ্বাচন আৰু মাজুলী সমষ্টিতো অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন ৷
লগতে পঢ়ক : ফেৰীৰ ইঞ্জিন সলনি কৰাৰ খৰচ বহন কৰিব চৰকাৰে : হিমন্ত বিশ্ব শৰ্মা