ETV Bharat / city

সিদ্ধিদাতাৰ বন্দনাৰে মুখৰিত ৰাজ্য

author img

By

Published : Aug 31, 2022, 9:11 PM IST

আজি গণেশ চতুৰ্থী(Ganesh Chaturthi 2022) । পুৱাৰে পৰাই মন্দিৰত অগণন ভক্তৰ ভিৰ । টীয়কৰ চটাইস্থিত শ্ৰী শ্ৰী দক্ষিণপাট আশ্ৰমী সত্ৰ, বাক্সাৰ বৰমা বাৰোৱাৰী দূৰ্গা পূজা মণ্ডপত আয়োজন গণেশ পূজাৰ ৷

ganesh-puja-celebration-at-teok-and-baksa
সিদ্ধিদাতাৰ বন্দনাৰে মুখৰিত ৰাজ্য

বাক্সা/টীয়ক, 31 আগষ্ট: আজি গণেশ চতুৰ্থী(Ganesh Chaturthi 2022) । দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা কৰা হৈছে শিৱ-পাৰ্বতী তনয় গণেশক ৷ সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন স্থানতো সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে । টীয়কৰ চটাইস্থিত শ্ৰী শ্ৰী দক্ষিণপাট আশ্ৰমী সত্ৰতো মহাসমাৰোহেৰে পালন কৰা হয় গণেশ পূজা(Ganesh Chaturthi celebration At Teok) ৷

হিন্দু ধৰ্ম বিশ্বাস অনুসৰি দেৱ-দেৱীসকলৰ প্ৰথম পূজা লাভ কৰে গণেশ দেৱতাই । সেই অনুসৰি আজি চতুৰ্থীৰ দিনা দক্ষিণপাট আশ্ৰমী সত্ৰৰ গণেশ মন্দিৰত পুৱাৰে পৰা বৈদিক নীতি নিয়মেৰে গণেশ পূজা সম্পাদন কৰা হয় । পূৰ্বৰ পৰম্পৰা অটুত ৰাখি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱগোস্বামীৰ তত্বাৱধানত তথা স্থানীয় ৰাইজৰ সহযোগত এইবাৰো দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে পূজা অৰ্চনা, শ্ৰৱণ কীৰ্ত্তন তথা গণেশ বন্দনা ।

সিদ্ধিদাতাৰ বন্দনাৰে মুখৰিত ৰাজ্য

আনহাতে, বাক্সা জিলাৰ বৰমা বাৰোৱাৰী দূৰ্গা পূজা মহোৎসৱ সমিতিয়ে গণেশ পূজা বহু বছৰ ধৰি উদযাপন কৰি আহিছে(Ganesh Chaturthi celebration At Baksa) । এইবেলিও নতুনকৈ মন্দিৰ এটা নিৰ্মাণ কৰা হৈছিল যিটো বৰ্তমান সম্পূৰ্ণ হৈছে ৷ আজি গণেশ চতুৰ্থীৰ উপলক্ষ্যে মন্দিৰটোৰ উদ্বোধন কৰা হয় । মন্দিৰটো উদ্বোধক বিশিষ্ট শিল্পী যোগেন চন্দ্ৰ হালৈয়ে ৷

অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ কৰ্মী ফুকন কলিতা লগতে যোগেন চন্দ্ৰ হালৈয়ে । ইয়াৰে পিছতে নাগৰা নাম পৰিৱেশ কৰা হয় । অনুষ্ঠানটো তেওঁলোকৰ লগতে উপস্থিত থাকে বিধায়ক ভূপেন বড়ো, বিশিষ্ট সমাজ কৰ্মী মোহন বৰ্মন ৷ পূজা মণ্ডপত সমূহ ভক্তবান ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ মূলগেটত এছ ইউ চি আইৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.