ETV Bharat / city

বজাৰ নহয় মাছৰে ভৰি থকা অট্টালিকা!

author img

By

Published : Mar 7, 2019, 8:34 PM IST

বাতানুকূল গৃহ, ৰেম্প, লিফ্টৰ সুবিধা থকা এখন মাছৰ বজাৰ

যোৰহাটত অত্যাধুনিক মাছ বজাৰ গৃহৰ আধাৰশিলা

যোৰহাট,৭মাৰ্চ: বৃহস্পতিবাৰে যোৰহাটত অত্যাধুনিক মাছ বজাৰ গৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । যোৰহাটৰ নিউ ভিল ৰোডৰ প্ৰায় শতিকা গৰকা মাছ বজাৰখনৰ পুৰণি কলীয়া ভৱনটোৰ ঠাইত নিৰ্মাণ কৰা হ'ব এই প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে ৭ মহলীয়া অত্যাধুনিক মাজ বজাৰৰ গৃহটো । পাৰ্কীঙৰ সুবিধাৰ লগতে বাতানুকূল গৃহ, ৰেম্প, লিফ্টৰ সুবিধা থাকিব এই গৃহটোত । যোৰহাটৰ বিধায়ক তথা বিধানসভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে মাছ বজাৰ গৃহৰ নিৰ্মাণৰ শুভ উদ্ধোধন কৰি ১৮ মাহৰ ভিতৰত নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশ্বাস প্ৰদান কৰে ।

আনহাতে অত্যাধুনিক মাছ বজাৰৰ গৃহটোৰ ফলত মস্য ব্যৱসায়ীসকলৰ বহু দিনীয়া সমস্যাৰ সমাধান হোৱাৰ লগতে যোৰহাটৰ ৰাইজে এখন সম্পূৰ্ণ পৰিষ্কাৰ আৰু বিজ্ঞান সন্মত বজাৰ লাভ কৰিব বুলিমন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে ।

অত্যাধুনিক মাছ বজাৰ গৃহ নিৰ্মাণৰ উদ্ধোধন।।৫ কোটি টকাৰে নিৰ্মাণ হব ৭ মহলীয়া গৃহ।

সমাগত লোক সভা নিৰ্বাচন।ৰাজ্যখনৰ চৰকাৰৰ আজৰি নোহোৱা অৱস্থা।মূঠতে নিৰ্বাচনৰ অধীশোচনা জাৰি কৰাৰ আগতে উদ্ধোধন কৰিব লাগে নতুন নতুন নতুন পৰিকল্পনা আৰু আচনিৰ।
যোৰহাটৰ নিউ ভিল ৰোডৰ প্ৰায় শতিকা গৰকা মাছ বজাৰ খন পুৰণি কলীয়া ভৱনটোৰ ঠাইত নিৰ্মাণ কৰা হব ৭ মহলীয়া অত্যাধুনিক মাজ বজাৰৰ গৃহ।পাৰ্কীংৰ সুবিধাৰ লগতে শীতল গৃহ,ৰেম্প,লিফ্টৰ সুবিধা থাকিব।যোৰহাটৰ বিধায়ক তথা বিধানসভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে মাছ বজাৰ গৃহৰ নিৰ্মাণৰ শুভ উদ্ধোধন কৰে।গড়কাপ্তানী গৃহ বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰা হব বজাৰখনৰ।
১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব নিৰ্মাণ কায্য।
আনহাতে অত্যাধুনিক মাছ বজাৰৰ গৃহটোৰ ফলত মস্য ব্যৱসায়িক সকলৰ বহু দিনীয়া সমস্যাৰ সমাধান হোৱাৰ লগতে যোৰহাটৰ ৰাইজে এখন সম্পূৰ্ণ পৰিষ্কাৰ আৰু বিজ্ঞান সন্মত বজাৰ লাভ কৰিব বুলিলে অধ্যক্ষ গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.