যোৰহাট, 16 আগষ্ট : দেওবাৰে সমগ্ৰ দেশতেই পালন কৰা হ’ল 75 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ প্ৰতিটো প্ৰান্তত জিলিকিল ত্ৰিৰংগা পতাকা ৷ যোৰহাটৰো ভিন্ন প্ৰান্তত দেখা গ’ল স্বাধীনতা দিৱস উদযাপন ৷ এই স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণতেই যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা তিনিগৰাকী বিশিষ্ট মুক্তিযোদ্ধা তথা স্বাধীনতা সংগ্ৰামৰ সেনানীক নিজ নিজ বাসগৃহত সম্বৰ্ধনা জনোৱা হয় ৷
![বিশিষ্ট মুক্তিযোদ্ধা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-16aug-freedomfighter-falucited-at-home-image-as10039_16082021140933_1608f_1629103173_37.jpg)
হাঁহচৰা চাংমাই গাঁৱৰ মুক্তিযোদ্ধা গুণাৰাম বৰুৱা,বামুণপুখুৰী পাচনী গাঁৱৰ মুক্তিযোদ্ধা প্ৰফুল্ল শইকীয়া আৰু টীয়ক ৰজাবাৰী কঁহাৰ গাঁৱৰ মুক্তিযোদ্ধা দুৰ্গেশ্বৰ কলিতাক নিজ নিজ বাসগৃহত জিলা উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰ, টীয়ক ৰাজহ চক্ৰ বিষয়া সৌভিক ভূঞা আৰু যোৰহাট পূৱ ৰাজহ চক্ৰ বিষয়া( সংলগ্ন) কৃতিকা শৰ্মাই সম্বৰ্ধনা জনায় ৷
![Felicitation stake in freedom fighter's own residence in Jorhat etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-16aug-freedomfighter-falucited-at-home-image-as10039_16082021140933_1608f_1629103173_909.jpg)
স্বাধীনতা সংগ্ৰামী কেইজনক জিলা প্ৰশাসনৰ ফালৰ পৰা একোখনকৈ চেলেং চাদৰ, গামোছা, সঁফুৰা আৰু মানপত্ৰৰে সন্মান জনোৱা হয় ৷ উল্লেখ্য যে, জিলা প্ৰশাসনে ক'ভিড সংক্ৰমণ আৰু বয়োজ্যেষ্ঠ মুক্তিযোদ্ধা কেইজনৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰী ময়দানত উদযাপন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰাৰ সলনি তেখেতসকলৰ বাসগৃহত সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
![Felicitation stake in freedom fighter's own residence in Jorhat etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-16aug-freedomfighter-falucited-at-home-image-as10039_16082021140933_1608f_1629103173_859.jpg)
লগতে পঢ়ক : পুস্পসজ্জিত বাহনত নহয়, খোজকাঢ়ি অভিবাদন গ্ৰহণ পৰিমল শুক্লবৈদ্য়ৰ