ETV Bharat / city

যোৰহাটত ঈদ-উল-জুহা উদযাপন

author img

By

Published : Jul 10, 2022, 12:26 PM IST

আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঈদ-উল-জুহা বা ঈদুল-আজহা (Eid al-Adha 2022) ৷ সমান্তৰালভাৱে যোৰহাটতো ইছলাম ধৰ্মাৱলম্বী ৰাইজে উদযাপন কৰিছে বকৰ ঈদ (Eid al Adha 2022 celebrates in Jorhat) ৷

Eid al-Adha 2022 celebrates at Teok in Jorhat
যোৰহাটত ঈদ-উল-জুহা উদযাপন

টীয়ক/যোৰহাট, 10 জুলাই: আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঈদ-উল-জুহা বা ঈদুল আজহা (Eid al-Adha 2022) ৷ এই বকৰ ঈদ বা কুৰ্বানি ঈদৰ মূল অৰ্থ হ’ল ত্যাগৰ উৎসৱ । বিগত দুটা বছৰ ক’ভিডৰ বাবে কুৰ্বানি ঈদ উদযাপন কৰা হোৱা নাছিল যদিও এইবাৰ ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে ঈদ-উল-জুহা (Eid celebration in Assam) ৷

সামন্তৰালভাৱে যোৰহাটতো ইছলাম ধৰ্মাৱলম্বী ৰাইজে উদযাপন কৰিছে বকৰ ঈদ (Eid al Adha 2022 celebrates in Jorhat) ৷ কুৰ্বানি সম্পৰ্কত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মানি ঈদ উদযাপন কৰিলে যোৰহাটবাসীয়ে ৷ এয়া টীয়কৰ ঐতিহাসিক কাকজান ঈদগাহৰ দৃশ্য । ঐতিহাসিক ঈদগাহখনত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে পুৱাই নামাজ সমাপন কৰি প্ৰশংসাৰে উপচালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

যোৰহাটত ঈদ-উল-জুহা উদযাপন

ঈদগাহখনৰ সভাপতি মৌলানা মোছাদ্দিক হুছেইনে বিভিন্ন ধৰ্ম, জাতি, জনগোষ্ঠীৰ সমন্বয়ৰে উজলি থকা অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে সাৱলীলভাৱে শান্তি সম্প্ৰতি অটুট ৰাখিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰে ৷ ঈদৰ কুৰ্বানিক লৈ চলি থকা বিতৰ্ক অৱসান ঘটাই ইছলাম ধৰ্মৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুওৱা সন্মানে আপ্লুত কৰা বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে হিন্দু ধৰ্মাৱলম্বী লোকৰ অন্তৰত আঘাত দি কুৰ্বানি নিদিবলৈ আহ্বান জনোৱাৰ পাছতে ৰাজ্য চৰকাৰেও জাৰি কৰিছিল অনুৰূপ জাননী ৷ ইয়াৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ ঈদৰ প্ৰাকমূহুৰ্তত অৰ্থাৎ শনিবাৰে এই সম্পৰ্কত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অন্য ধৰ্মাৱলম্বীৰ মনত আঘাত দি কুৰ্বানি নিদিবলৈ আহ্বান জনায় ৷ কেৱল মুছলমান বসতিপ্ৰধান অঞ্চলত পৰস্পৰা ৰক্ষা কৰাত কোনো বাধা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে, ইছলাম ধৰ্মালম্বী লোকৰ ত্যাগৰ উৎসৱ ঈদ-উল-জুহা উপলক্ষে যোৰহাটৰ সাংবাদিক তথা জিকিৰৰ অনাতাঁৰ শিল্পী নেকিব আহমেদে যোৰহাটস্থিত বাসগৃহতে জিকিৰ পৰিৱেশন কৰে ৷

লগতে পঢ়ক: Eid celebration: আজি দেশজুৰি পালন ঈদ-উজ-জুহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.