ETV Bharat / city

এগৰাকী চিকিৎসকৰ কৰ্মকাণ্ডত অতিষ্ঠ যোৰহাট জিলা প্ৰশাসন - পল্লৱ বৰকাকতি

বৃহস্পতিবাৰে এগৰাকী চিকিৎসকৰ ঘৰত যোৰহাট জিলা প্ৰশাসনৰ জে চি বি,বুলডজাৰ,হাতুৰিৰ কোব ৷

এগৰাকী চিকিৎসকৰ কৰ্মকাণ্ডত অতিষ্ঠ যোৰহাট জিলা প্ৰশাসন

author img

By

Published : Sep 10, 2020, 7:39 PM IST

যোৰহাট, 10 ছেপ্তেম্বৰ : যোৰহাট নগৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যয় বহুল আঁচনিৰে ন-আলিত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুত হেঙাৰ হৈ পৰিছিল নগৰৰ 11 নম্বৰ ৱাৰ্ডৰ পল্লৱ বৰকাকতি নামৰ এগৰাকী ৷ চিকিৎসকজনে উৰণীয়া সেতুৰ বাবে এৰি দিব লগা ঘৰ সম্পতিৰ বাবদ পাব লগা 1 কোটি 10 লাখ টকা চৰকাৰৰ পৰা গ্ৰহণ কৰিও দখল কৰি আছিল ন আলিৰ কাষৰ ঘৰটো ৷

এগৰাকী চিকিৎসকৰ ঘৰত প্ৰশাসনৰ হাতুৰিৰ কোব

চৰকাৰে আৰু ন্যায়ালয়ে কেইবাবাৰো জাননি দিয়াৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰি প্ৰশাসনক ওলোটাই হুমকি দিয়ে চিকিৎসকজনে ৷ যাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে যোৰহাট জিলা প্ৰশাসনে সম্পূৰ্ণ সষ্টম হৈ জে চি বি,বুলডজাৰ,হাতুৰিৰ কোবেৰে সম্পূৰ্ণৰূপে উচ্ছেদ কৰে ঘৰখন ৷

উল্লেখ্য যে,পল্লৱ বৰকাকতি নামৰ এইগৰাকী চিকিৎসকৰ এনে কৰ্ম কাণ্ডৰ বাবেই উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম কাজ বন্ধ হৈ আছিল ৷ সেয়েহে বৃহস্পতিবাৰে প্ৰশাসনৰ এই উচ্ছেদ কাৰ্যক শলাগ লয় স্থানীয় ৰাইজে ৷ লগতে যোৰহাটৰ প্ৰকৃত উন্নয়ন নিবিচৰা এনে এগৰাকী শিক্ষিত লোকৰ কৰ্মকাণ্ডত হতবাক হৈ পৰে সচেতন মহল ৷ অৱশ্যে প্ৰশাসনৰ এনে কৰ্মক স্বৈৰাচাৰী আখ্যা দিয়ে চিকিৎসকজনে ৷

লগতে চাওক-উন্নয়নৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান ধুবুৰীৰ এটা বৃহত্তৰ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.