ETV Bharat / city

টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 12, 2020, 10:03 PM IST

ৰাপ্ত তথ্য মতে বুবুল বৰা নামৰ ব্যক্তিজনৰ ভগ্নী ঋতু বৰা যোৱা নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু পৰিয়ালৰ লোকে কোনো সম্ভেদ নাপাই টীয়ক আৰক্ষীৰ ওচৰ চাপিছিল । কিন্তু পৰৱৰ্তী সময়ত ওচৰ চুবুৰীয়াই বিচাৰ খোচাৰ কৰি ঘৰৰ কাষৰ এটা পুখুৰীত ওপঙি থকাৰ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ।

টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ
টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ

টীয়ক, 12 জুন : যোৰহাট জিলাৰ টীয়ক গায়ন গাঁৱৰ ঋতু বৰা নামৰ যুৱতীগৰাকীৰ মৃতদেহ ঘৰৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হয় ।

প্ৰাপ্ত তথ্য মতে বুবুল বৰা নামৰ ব্যক্তিজনৰ ভগ্নী ঋতু বৰা যোৱা নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু পৰিয়ালৰ লোকে কোনো সম্ভেদ নাপাই টীয়ক আৰক্ষীৰ ওচৰ চাপিছিল । কিন্তু পৰৱৰ্তী সময়ত ওচৰ চুবুৰীয়াই বিচাৰ খোচাৰ কৰি ঘৰৰ কাষৰ এটা পুখুৰীত ওপঙি থকাৰ অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ।

টীয়কত যুৱতীৰ মৃতদেহ উদ্ধাৰ

স্থানীয় ৰাইজৰ অভিযোগ মতে, যুৱতীগৰাকীয়ে অত্যাধিক মানসিক চাপত পৰি আত্মহত্যাৰ পথ বাছি লয় । উল্লেখযোগ্য যে, যুৱতীগৰাকীক সৰু সৰু কথাতে পৰিয়ালৰ লোকে শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে বহু দিন অনাহাৰে থকাৰ কথাও চুবুৰীয়াই জানিবলৈ দিছে । পৰৱৰ্তী সময়ত টীয়ক আৰক্ষী সহযোগত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়কঃ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বাঘজান কাণ্ডত নিহত তিখেশ্বৰ গোঁহাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.