টীয়ক, 26 অক্টোবৰঃ আজি বিজয়া দশমী ৷ বিজয়া দশমীৰ দিনটোতেই গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰে দচেৰা উৎসৱ ৷ এই উৎসৱ বিজয়া দশমীৰ দিনটোৰ পৰা আৰম্ভ কৰি লক্ষী পূৰ্ণিমা পৰ্যন্ত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰে ৷
সমগ্ৰ বিশ্বৰ লগতে যোৰহাট জিলাৰ টীয়কতো গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰিছে দচেৰা উৎসৱ ৷ বিজয়া দশমীৰ দিনটোতে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে এই 'দচেৰা' উৎসৱ । নৱৰাত্ৰিৰ পূজা অৰ্চনা কৰাৰ পাছত দেৱী দূৰ্গাৰ চৰণত বিজয়া দশমীৰ দিনা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে সমাজৰ পৰা অপশক্তি নাশ হোৱাৰ কামনাৰে সেৱা জনায় ৷ সকলোৰে মংগল কামনা কৰি ঘৰে ঘৰে উদযাপন কৰা হয় এই পূজা ।
বিজয়া দশমীৰ দিনা ৰাতি পুৱাই প্ৰতিটো পৰিয়ালৰ জ্যেষ্ঠ সকলে কনিষ্ঠ সকলৰ কপালত চাউল,দৌ আৰু সেন্দুৰৰ মিশ্ৰনৰে প্ৰস্তুত কৰা ফোট কঁপালত আকি দি আৰ্শীবাদ প্ৰদান কৰে । আৰু জ্যেষ্ঠসকলক সৰু লোকসকলে সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে ৷
উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বতে গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে আজিৰ এই বিশেষ দিনটোত এনেদৰে নীতি নিয়মৰ মাজেৰে অনুষ্টুপীয়াকৈ ঘৰে ঘৰে উদযাপন কৰিছে দচেৰা উৎসৱ ।
লগতে পঢ়ক- ধুবুৰীত প্ৰশাসনে উচ্ছেদ কৰিলে গাঞ্জা খেতি