ETV Bharat / city

বিশ্ব চাইকেল দিৱসঃ কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ চাইকেল ৰেলী

author img

By

Published : Jun 3, 2022, 9:28 PM IST

বিশ্ব চাইকেল দিৱস উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ চাইকেল ৰেলী৷ যোৰহাট নগৰৰ মুল পথসমুহ পৰিভ্ৰমণ কৰা এই ৰেলীৰ জৰিয়তে চাইকেল চলোৱাৰ গুৰুত্ব আৰু উপকাৰিতাৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস ৷

বিশ্ব চাইকেল দিৱসঃ কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ চাইকেল ৰেলী
বিশ্ব চাইকেল দিৱসঃ কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ চাইকেল ৰেলী

যোৰহাট, ৩ জুন: বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এক চাইকেল ৰেলী উলিয়াই । বিশ্ববিদ্যালয়ৰ এন এচ এচ শাখা আৰু অসম চাইক্লিং কমিউনিটিৰ যোৰহাট শাখাৰ যৌথ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰে বিশ্ববিদ্যালয়ৰ এন এচ এচ শাখাৰ সমন্বয়ক তথা ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞাই ।

উদ্যান বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ সঞ্জীৱ কুমাৰ শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈ যোৰহাট নগৰৰ মুল পথসমুহ পৰিভ্ৰমণ কৰা এই ৰেলীৰ জৰিয়তে চাইকেল চলোৱাৰ গুৰুত্ব আৰু উপকাৰিতাৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ এন এচ এচ প্ৰগেম অফিচাৰ অপূৰ্ব দাস,ৰিতুৰাজ বৰুৱা আৰু ড৹ এচ বৰুৱায়ো সহযোগ আগবঢ়ায় ।

লগতে পঢ়ক: ঋণৰ বোজা সহিব নোৱাৰি শৰাইঘাট দলঙৰ পৰা ব্ৰক্ষ্মপুত্ৰত জাঁপ যুৱকৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.