ETV Bharat / city

যোৰহাটত দশম শ্ৰেণীৰ ছাত্ৰই নিজে প্ৰতিমা সাজি পাতিলে পূজা - Class 10 student makes idols on their own

যোৰহাটৰ এখন ব্যতিক্ৰমী পূজাস্থলীয়ে মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলো ৷ দক্ষিণ সবাইবন্ধাৰ ৰিতুৰাজ দাস নামৰ দশম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই নিজেই মা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি ঘৰতে পূজা-অৰ্চনা কৰিছে (Class 10 student makes idols on their own) ৷

class-10-student-makes-idols-on-their-own-in-jorhat
যোৰহাটত দশম শ্ৰেণীৰ ছাত্ৰই নিজে প্ৰতিমা সাজি পাতিলে পূজা
author img

By

Published : Oct 2, 2022, 3:11 PM IST

যোৰহাট, 2 অক্টোবৰ: আজি মহাসপ্তমী (Maha Saptami of Durga Puja 2022) ৷ ৰাজ্যজুৰি চলিছে দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ ৷ পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ যোৰহাটতো চলিছে দুৰ্গা পূজাৰ উচাহ (Durga Puja in Jorhat) ৷

ইয়াৰ মাজতে যোৰহাটৰ এখন ব্যতিক্ৰমী পূজাস্থলীয়ে মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলো ৷ দক্ষিণ সবাইবন্ধাৰ ৰিতুৰাজ দাস নামৰ দশম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই নিজেই মা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি ঘৰতে পূজা অৰ্চনা কৰিছে (Class 10 student makes idols on their own) ৷ ৰিতুৰাজৰ এই পূজাত ভাগ লৈছে ওচৰ চুবুৰীয়া আৰু ৰিতুৰাজৰ সমনীয়া ৷ ছাত্ৰজনৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ৷

যোৰহাটত দশম শ্ৰেণীৰ ছাত্ৰই নিজে প্ৰতিমা সাজি পাতিলে পূজা

উল্লখ্য যে, তিনিবছৰ বয়স পৰাই ৰিতুৰাজে দেৱী দুৰ্গাৰ প্ৰতিমা নিজে বনাই এইদৰে পূজা কৰি আহিছে । মনকৰিবলগীয়া যে, যোৰহাট জিলাত এইবাৰ ৮৫ খন পূজা মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ ইয়াৰ ভিতৰত অকল যোৰহাট নগৰতেই ৪৫ খন পূজা মণ্ডপত পূজা অনুষ্ঠিত হৈছে ৷

লগতে পঢ়ক: শিৱ মন্দিৰ আৰ্হিত নিৰ্মাণ যোৰহাটৰ জেপি আৰ পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.