ETV Bharat / city

যোৰহাটত শান্তনু পূজাৰী ফ্ৰেণ্ডচ ক্লাৱৰ ৰক্তদান কাৰ্যসূচী

প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক তথা বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু পূজাৰীৰ জন্ম দিনৰ উপলক্ষে শান্তনু পূজাৰীৰ ফ্ৰেণ্ডছ ক্লাৱে অনুষ্ঠিত কৰা ৰক্তদান শিৱিৰত বহু লোকে ৰক্তদান কৰে ৷

author img

By

Published : Oct 19, 2020, 12:08 PM IST

Blood Donation Camp By Santanu Friends Club in Jorhat
যোৰহাটত শান্তনু পূজাৰী ফ্ৰেণ্ডচ ক্লাৱৰ ৰক্তদান কাৰ্যসূচী

যোৰহাট,19 অক্টোবৰঃ যোৰহাটৰ সমাজ কৰ্মী,সমাজ সংগঠক,প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক তথা বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু পূজাৰীৰ জন্ম দিন উপলক্ষে শান্তনু পূজাৰীৰ ফ্ৰেণ্ডছ ক্লাৱে সোমবাৰে যোৰহাটৰ সোণালী জয়ন্তী নগৰৰ লাইন্স ক্লাৱৰ ব্লাড বেংকত এটা ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰে । ইতিমধ্যে উক্ত ৰক্তদান কাৰ্যসূচীত কেইবা জনো গণ্যমান্য ব্যক্তিৰ লগতে ফ্ৰেণ্ডছ ক্লাৱৰ বহু যুৱকে ৰক্ত দান কৰে ।

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰোগী সকলৰ মাজত যাতে ৰক্তৰ নাটনি নহয়,সেই উদ্দেশ্য আগত ৰাখি এই ৰক্তদানৰ কাৰ্যসূচী লোৱা হৈছে বুলি ফ্ৰেণ্ডছ ক্লাৱৰ সদস্য সকলে মন্তব্য কৰে । তাৰোপৰি চিকিৎসা কালত কোনো ৰোগীৰ যদি ৰক্তৰ প্ৰয়োজন হয়,তেনে হ'লে শান্তনু পূজাৰীৰ ফেচবুক পেজত যোগাযোগ কৰিলে ৰোগী সকলে সহায় পাব বুলি উল্লেখ কৰে ক্লাৱৰ সদস্য সকলে ।

লগতে পঢ়ক-ক’লা পতাকাৰ সন্মুখীন সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.