ETV Bharat / city

শিৱসাগৰত আৰম্ভ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান

author img

By

Published : Jun 21, 2021, 10:30 AM IST

শিৱসাগৰ জিলাতো প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ সম্পূৰ্ণ ক'ভিড-19 প্ৰট'কল মানি চলি ১৮ বয়সৰ উৰ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব। তেওঁ উল্লেখ কৰে যে, এই অভিযানৰ প্ৰথম দিনা জিলাখনৰ মুঠ 40 টা কেন্দ্ৰত মুঠ 8,000 পালি ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হ'ব।

Beginning Covid-19 Vaccine At Sivsagar District
শিৱসাগৰত আৰম্ভ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান

শিৱসাগৰ, 21জুন : সমগ্ৰ দেশ তথা ৰাজ্যত অব্যাহত আছে কৰ'ণা মহামাৰীৰ আতংক ৷ ইফালে covid-19 প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰিছে আংশিক লকডাউন ৷ ইফালে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰতিগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আৰম্ভ হৈছে ঘৰ ঘৰে ভেকচিন তথা স্ব্যস্থ্য পৰীক্ষা অভিযান ৷

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শেহতীয়াকৈ প্ৰদান কৰা নিৰ্দেশ মৰ্মে বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাতো প্ৰশাসনৰ উদ্যোগত অহা 21 জুনৰ পৰা 18 বছৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (Covid-19 vaccine) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ জিলাখনত কৰণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অভিযান পূৰ্বতকৈও অধিক ব্যাপক আৰু তীব্রতৰ কৰি তুলিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে । ক'ভিড ভেকচিন (Covid-19 vaccine) প্ৰদান কৰা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দেওবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত (Deputy Commissioner) বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত স্বাস্থ্য বিভাগ প্ৰমুখ্যে ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, বিভিন্ন বিভাগীয় বিষয়া আদিৰ সৈতে এখন সভা অনুষ্ঠিত হয় ।

উক্ত সভাখনত উপায়ুক্ত গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে জিলাখনৰ ক'ভিড প্ৰতিষেধক (Covid-19 vaccine)প্ৰদান কাৰ্যসূচীক এক ব্যাপক জন আন্দোলন ৰূপে গঢ়ি তোলা হ'ব ।

এই অভিযানত প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত সম্পূৰ্ণ ক'ভিড-১৯ প্ৰট'কল মানি চলি 18 বয়সৰ উৰ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব । তেওঁ উল্লেখ কৰে যে, এই অভিযানৰ প্ৰথম দিনা জিলাখনৰ মুঠ 40 টা কেন্দ্ৰত মুঠ 8000 পালি ক'ভিশ্বিল্ড (Covisheiled) প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

শিৱসাগৰ জিলাৰ আমগুৰিৰ আউনিআটীস্থিত হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 300 ব্যক্তি, আমগুৰিৰ আমগুৰি টী.ই 200, টিফুক বাগিচাত 200, বৰবাম বাগিচাত 200, হালোৱাটিং বাগিচাত200, বৰছিলা বাগিচাত 200 ,বামুণপুখুৰী পুখুৰী বাগিচাত 200 লোকক ক'ভিডৰ টীকাকৰণ কৰা হ'ব বুলি প্ৰশাসনে অৱগত কৰিছে।

লগতে পঢ়ক-লেংটিছিঙাত ড্ৰ'ণৰ সহায়ত ছেনিটাইজেশ্যন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.