ETV Bharat / city

SI Junmoni Rabha likely to be arrested: টকাৰ লেনদেনক লৈ বেংক বিষয়াকো জেৰা

SI জোনমণি ৰাভাৰ টকাৰ লেনদেনক লৈ এইবাৰ মাজুলীৰ গড়মূৰ শাখাৰ কানাড়া বেংকৰ মেনেজাৰ প্ৰহ্লাদ চন্দ্ৰ দাসক আৰক্ষীয়ে সোধাপোছা আৰম্ভ কৰিছে (Bank officials interrogated over money transactions of Junmoni Rabha) ৷ জোণমনি ৰাভাৰ টকাৰ লেনদেনত বেংকৰ এই বিষয়াগৰাকী জৰিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

author img

By

Published : Jun 3, 2022, 10:58 PM IST

Police interrogated bank manager on SI Jonmoni case

গুৱাহাটী, 3 জুনঃ SI জোনমণি ৰাভাৰ টকাৰ লেনদেনক লৈ বেংক বিষয়াক জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ কালি নিশালৈকে চলোৱা জেৰাৰ পাচত আজি পুনৰ বিতৰ্কিত SI জোনমণি ৰাভাক উপৰ্যুপৰি জেৰা চলাই মাজুলী আৰক্ষীয়ে (Majuli police interrogate Junmani Rabha) । জোনমণি আৰু তেওঁৰ ভাবী স্বামী ৰাণা প’গাগে মাজুলীৰ 3 ব্যৱসায়ীৰ পৰা ধন আত্মসাৎ কৰা গোচৰৰ সত্য উদঘাটনৰ বাবে যেন মাজুলী আৰক্ষী তৎপৰ হৈ পৰিছে ।

SI জোনমণি ৰাভাৰ টকাৰ লেনদেনক লৈ বেংক বিষয়াক জেৰা

SI জোণমনি ৰাভাৰ টকাৰ লেনদেনক লৈ এইবাৰ মাজুলীৰ গড়মূৰ শাখাৰ কানাড়া বেংকৰ মেনেজাৰ প্ৰহ্লাদ চন্দ্ৰ দাসক আৰক্ষীয়ে সোধাপোছা আৰম্ভ কৰিছে ৷ জোণমনি ৰাভাৰ টকাৰ লেনদেনত বেংকৰ এই বিষয়াগৰাকী জৰিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইফালে দুটাকৈ দিন বিতৰ্কিত SI জোনমনি ৰাভাক কৰা জেৰাত ন-ন তথ্য পোহৰলৈ আহিছে ।

বেংকৰ লেনদেনৰ লগতে আৰক্ষীয়ে লাভ কৰিছে নতুন নতুন তথ্য । জোনমনি ৰাভাৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (Junmoni Rabha likely to be arrested ) । দিনজোৰা জেৰাৰ অন্তত আজি স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয় জোনমনিক । ইয়াৰ পাছতে আজি যাবলৈ দিয়ে বিতৰ্কিত SI গৰাকীক । কাইলৈ পুনৰ জেৰা চলাব জোনমনি ৰাভাক ।

লগতে পঢ়ক: পি পি ই কিট কেলেংকাৰীৰ তদন্তৰ দাবীত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.