ETV Bharat / city

Farmer awareness Workshop: অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত কৃষক সজাগতা কৰ্মশালা - কৰ্মশালাত বহু কৃষকে অংশগ্ৰহণ কৰে

ৰাজ্যৰ কৃষকসকলক বিভিন্ন দিশত সজাগ কৰাৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰই বিভিন্ন স্থানত আয়োজন কৰিছে সজাগতামূলক কৰ্মশালাৰ (Awareness Workshop of NE Agricultural Biotechnology Centre)। ২৩ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ কৃষকৰ পথাৰত আয়োজন কৰা এই কৰ্মশালাত বহু কৃষকে অংশগ্ৰহণ কৰে ।

Farmer awareness Workshop
অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত কৃষক সজাগতা কৰ্মশালা
author img

By

Published : Dec 9, 2021, 5:59 PM IST

যোৰহাট,৯ ডিচেম্বৰ : অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ উদ্যোগত কৃষকৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই কাৰ্যসূচীৰ অংশ হিচাপে ২৩ নবেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ কৃষকৰ পথাৰত তিনিখনকৈ সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰা হয় (Awareness Workshop of NE Agricultural Biotechnology Centre) । জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত কৃষি তথা সমন্বিত পাম ব্যৱস্থা কৰ্মসূচীৰ অধীনত ইউৰোপীয় কমিছনৰ অৰ্থ সাহায্যৰে এডপ্টনেট এন ই প্ৰকল্পৰ জৰিয়তে ২৬ নবেম্বৰত মাজুলীৰ বিজয় চাপৰি অঞ্চলত কৰ্মাশালা অনুষ্ঠিত হয় ।

একে সময়তে এই অঞ্চলত অনুষ্ঠিত দুখনকৈ কৰ্মশালাত ৩০ গৰাকী মহিলা কৃষকে অংশ গ্ৰহণ কৰে । স্বেচ্ছাসেৱী সংস্থা 'কৃষ্টিৰ কঠীয়া'ৰ উদ্যোগত ২৬ নবেম্বৰৰ পৰা যোৰহাটৰ নকচাৰীৰ গাভৰু আলি গাওঁত তৃতীয়খন কৰ্মশালা অনুষ্ঠিত হয় (Agricultural Awareness Workshop at Jorhat) । এই কৰ্মশালাত জৈৱিক কৃষিৰ উত্তৰণৰ বাবে পদক্ষেপ লোৱাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

Farmer awareness Workshop
অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত কৃষক সজাগতা কৰ্মশালা

১৮ গৰাকী খেতিয়কে অংশ গ্ৰহণ কৰা এই কৰ্মশালাত উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰই উদ্ভাৱন কৰা জৈৱিক কৃষি উপাদানৰ সম্পৰ্কত আলোকপাত কৰাৰ লগতে উদ্যান শস্যত ইয়াৰ প্ৰয়োগৰ বিষয়ে ক্ষেত্ৰভিত্তিক বিশ্লেষণ আগবঢ়োৱা হয় । উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুৎ কুমাৰ শৰ্মাৰ বিশেষ তত্বাৱধানত অনুষ্ঠিত এই কৰ্মশালাত প্ৰকল্প বিজ্ঞানী ড° মলয় গোহাই, কনিষ্ঠ বিজ্ঞানী ড° পপী বৰাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Anti Tobacco Campaign in Lakhimpur : লখিমপুৰত চলিল ধঁপাত বিৰোধী অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.