ETV Bharat / city

10 আগষ্টলৈ বৃদ্ধি কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সময়সীমা - বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ

অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা 10 আগষ্টলৈকে বৃদ্ধি কৰা হৈছে ৷ ইচ্ছুক শিক্ষাৰ্থীসকলে এই বৰ্ধিত সময়সীমাৰ ভিতৰত প্ৰ-প্ৰত্ৰ পূৰণ কৰিব পাৰিব ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সময়সীমা

author img

By

Published : Jul 31, 2021, 1:48 PM IST

যোৰহাট , 31 জুলাই : 10 আগষ্টলৈ বৃদ্ধি কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা ৷ 31 জুলাইৰ পৰা 10 আগষ্টলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা । ইচ্ছুক শিক্ষাৰ্থীসকলে এই বৰ্ধিত সময়সীমাৰ ভিতৰত প্ৰ-প্ৰত্ৰ পূৰণ কৰিব পাৰিব ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰক্ষী বিষয়া ড৹ ৰঞ্জিত কুমাৰ সাউদে এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, ইয়াৰ ফলত বহু ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাটো নিশ্চিত ৷

ইপিনে বহু উৎকণ্ঠাৰ অৱসান ঘটাই শনিবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । ক'ভিডকালীন পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰে ।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২,৪৯,৮১২ গৰাকী । ইয়াৰ ভিতৰত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ আৰু বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ ।

লগতে পঢ়ক:ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.