ETV Bharat / city

কি খাব আপুনি ? ঠেকেৰা কেণ্ডি নে আমৰ কেণ্ডি নে মৌজুল কেণ্ডি..

author img

By

Published : Jun 6, 2019, 4:19 PM IST

আপুনি কেণ্ডি খাইনে ? যদি খাই, কেনেধৰণৰ কেণ্ডি খাই পাইছে ? কেতিয়াবা খাইছেনে ঠেকেৰা কেণ্ডি ? হয়, ঠেকেৰাৰ কেণ্ডিও এতিয়া উপলব্ধ হৈছে বজাৰত ৷ এতিয়া অসমীয়া সোৱাদত থলুৱাভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে নানা ধৰণৰ কেণ্ডি ৷ যোৰহাটৰ লীলাচৰণ দত্ত নামৰ লোকজনে প্ৰস্তুত কৰি উলিয়াইছে এই থলুৱা সোৱাদযুক্ত কেণ্ডিসমূহ ৷

etv bharat

যোৰহাট, 6 মে’: থলুৱা সোৱাদেৰে অন্য কেণ্ডিৰ লগত ফেৰ মাৰিবলৈ বজাৰলৈ আহি আছে নানা ৰকমৰ কেণ্ডি ৷ যোৰহাট মৌজাৰ অন্তৰ্গত পঞ্চৱতীৰ লীলাচৰণ দত্তৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰে প্ৰস্তুত কৰা হৈছে থলুৱা কেণ্ডিসমূহ৷ সচৰাচৰ পোৱা থলুৱা সামগ্ৰীসমূহেৰে লীলাচৰণ দত্তই প্ৰস্তুত কৰি উলিয়াইছে ঠেকেৰা কেণ্ডি, মৌজুল কেণ্ডি, আমৰ কেণ্ডি, কমলা অথবা কফিৰ সোৱাদযুক্ত কেণ্ডি ৷

বজাৰলৈ আহি আছে ঠেকেৰা কেণ্ডি

উল্লেখ্য যে, লীলাচৰণ দত্তই নিজৰ ঘৰতে প্ৰস্তুত কৰে এইসমূহ কেণ্ডি ৷ ১৯৯৭ চনতে স্থাপন কৰা চি কে নামৰ ক্ষুদ্ৰ উদ্যোগটোৱে বৰ্তমান কেণ্ডিৰ বজাৰখনত অন্য বহুজাতিক কোম্পানীৰ লগতো ফেৰ মাৰিবলৈ সক্ষম হৈছে ৷ প্ৰায় ৩০০ বাকছ ইটালীৰ "এপিছ মেলিফেৰা" ঘৰচীয়া মৌৰ সহায়ত এতিয়া স্থানীয় ভাৱে উৎপাদন কৰি আছে বিভিন্ন সোৱাদ যুক্ত কেণ্ডি । ইয়াৰোপৰি, প্ৰায় 22 টা বছৰ গৰকা ক্ষুদ্ৰ উদ্যোগটোত সম্প্ৰতি, প্ৰায় 42 গৰাকী যুৱক কৰ্মৰত ৷ সূদূৰ নেডাৰলেণ্ডৰ ICCO সন্থাই স্বত্বাধিকাৰী লীলাচৰণক ঋণ প্ৰদান কৰি আহিছে ।

বজাৰলৈ আহি আছে ঠেকেৰা কেন্ডী।।মৌ-জূলৰ পৰা উৎপাদন কেন্ডী।।

আপুনি বা আপোনাৰ সন্তানে কেন্ডী অথবা মৰ্টন খাই নেকি।কেতিয়াবা ঠেকেৰাৰ সোৱাদ যুক্ত কেন্ডী খাই পাইছেনে।এতিয়া বজাৰত উপলব্ধ ঠেকেৰা আৰু মৌজূলৰ পৰা উৎপাদিত কেন্ডীৰ।বজাৰত উপলব্ধ বিভিন্ন কোম্পানীৰ কৃটিম কেন্ডীৰ বিপৰীতে প্ৰাকৃতিক ভাৱে উপলব্ধ মৌজুলৰ লগত সংমিশ্ৰণ ঘটাই উৎপাদন কৰিছে বিভিন্ন স্হানীয় ফলৰ সোৱাদ ভৰা মৰ্টন অথবা কেন্ডীৰ।আপোনাৰ বাৰিত থকা ঠেকেৰা সোৱাদ এতিয়া কেন্ডীৰ ৰূপত উপলব্ধ হৈছে।ঠেকেৰা কেন্ডী, হনী কেন্ডী,মেংগ'কেন্ডী,অৰেন্জ কেন্ডী আৰু কফিৰ সোৱাদ যুক্ত কেন্ডীৰে উজনিৰ পাছ খনকৈ জিলাৰ বজাৰ দখল।কৰিবলৈ সক্ষম হৈছে চি কে উদ্যোগে।যোৰহাটৰ চাৰিগাও মৌজাৰ অন্তৰ্গত পঞ্চৱতীৰ লীলাচৰণ দত্ত ই ঘৰতে স্হাপন কৰা ক্ষুদ্ৰ উদ্যোগ টোৱে এতিয়া কেন্ডীৰ বজাৰত বহু জাতীক কোম্পানীৰ কেন্ডীৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে ১৯৯৭ চনতে স্হাপন কৰা
চি কে উদ্যোগত এতিয়া স্থানীয় ৪২ যূৱক কৰ্মৰত।প্ৰায় ৩০০ বাকছ ইটালীৰ "এপিছ মেলিফেৰা"ঘৰচীয়া মৌৰ সহায়ত এতিয়া স্থানীয় ভাৱে উৎপাদন কৰিবলৈ সক্ষম হৈছে বিভিন্ন সোৱাদ যূক্ত কেন্ডীৰ।উল্লেখযোগ্য যে সূদুৰ নেডাৰলেন্ডৰ ICCO সন্হাই লীলাচৰণক ঋণ প্ৰদান কৰি আহিছে।কৃষি উপৰত নিৰ্ভৰশীল যিকোনো ধৰণৰ লাভজনক ক্ষেত্ৰত এই সন্হাই ঋণ প্ৰদান কৰি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.