ETV Bharat / city

যোৰহাট পৌৰ নিগমৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ তৰিব ৰাইজৰ দলে

যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ৰাইজৰ দলৰ সংবাদমেল (Raijor Dal alleges of corruption against Jorhat Municipal Corporation) ৷ আৰ টি আইৰ তথ্যৰ দ্বাৰা পৌৰসভাৰ দ্বাৰা সংঘটিত দুৰ্নীতি উদঙাইছে ৰাইজৰ দলে ৷ বিহুৰ পিচতে তৰিব গোচৰ ৷

Raijar Dal alleges of corruption against Jorhat Municipal Corporation
যোৰহাট পৌৰ নিগমৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ তৰিব ৰাইজৰ দলে
author img

By

Published : Jan 12, 2022, 10:22 PM IST

যোৰহাট, ১২ জানুৱাৰী: ‘‘যোৰহাট পৌৰসভাখনত দুর্নীতি-কেলেংকাৰীয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে (Corruption in Jorhat Municipal Corporation) ৷ এটা বছৰে তথ্য বিচাৰি কৰা আবেদনক চূড়ান্ত ভেঙুচালি কৰাই নহয়, তথ্য আয়ুক্তই দিয়া নির্দেশকো অৱমাননা কৰিছে ৷’’ এই অভিযোগ তুলিছে ৰাইজৰ দলে ৷ যোৰহাট পৌৰসভাৰ ওপৰত গোচৰ দিবলৈ সাজু ৰাইজৰ দল (Raijar Dal to file case against Jorhat Municipal Corporation) ৷ এক সংবাদ মেলযোগে পৌৰসভাৰ আভ্যন্তৰৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে দলটোৱে ৷

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ৰ অধীনত ৰাইজৰ দলৰ তৰফৰ পৰা ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখেই পৌৰসভাখনৰ বিভিন্ন তথ্য বিচাৰি আবেদন কৰা হৈছিল ৷ বিশেষতঃ পৌৰসভাৰ উপার্জন আৰু খৰচৰ লগতে প্ৰতিটো কামৰ বিপৰীতে হোৱা নিবিদাৰ তথ্য বিচৰা হৈছিল ৷ সেই তথ্যসমূহ বিগত এটা বছৰে নিদিয়াকৈ ৰখাত অসমৰ তথ্য আয়ুক্তৰ ওচৰত আপীল কৰা হৈছিল ৷ সেই আপীলৰ শুনানি যোৱা ১ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হয় ৷

যোৰহাট পৌৰ নিগমৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ তৰিব ৰাইজৰ দলে

সেই শুনানীত দলৰ সেই সময়ৰ জিলা সভাপতি দিব্যজ্য‍োতি শর্মা আৰু সম্পাদক মঞ্জিত বৰুৱা উপস্থিত থকাৰ লগতে পৌৰসভাৰো তথ্য বিষয়া উপস্থিত আছিল ৷ তথ্য আয়ুক্তই ২১ দিনৰ ভিতৰত সম্পূর্ণ তথ্য আবেদন কর্তাক দিবলৈ পৌৰসভাৰ তথ্য বিষয়াক নির্দেশ দিছিল যদিও আজি ৪২ দিন পাৰ হৈ যোৱাৰ পিছতো পৌৰসভাৰ গা-লৰা নাই ৷ দুদিনৰ আগতে মাত্ৰ ১০০ পৃষ্ঠাৰ সামান্য তথ্য দি পৌৰসভাখনে সম্পূর্ণ দুর্নীতি গাপ দিয়াৰ চেষ্টা কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে ৰাইজৰ দলে ৷

  • ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বর্ষৰ কেচ বুকৰ জেৰক্স কপিৰ বিপৰীতে ২০১৮ চনৰ এপ্ৰিল-মে’ মাত্ৰ দুটা মাহৰ কেচ বুক দি দাই সাৰিছে ৷
  • তথ্যৰ পৃষ্ঠা নং ৩ ত ‘হোৱাইটনাৰ’ মাৰিছে ৷ যিটো এটা নীতি বহির্ভূত কথা ৷
  • কেচ বুকৰ ১১ নং পৃষ্ঠাত উল্লেখ কৰা ১২,০০০ টকা, ৪,৩০০ টকা, ১,১২,৪১০ টকাৰ চেক প্ৰদান কৰিছে অথচ চেক নম্বৰ উল্লেখ নাই ৷
  • পৃষ্ঠা নং ১৫ ত ৭/৫/২০১৮ তাৰিখে যি টকা দিয়া দেখুৱাইছে সেই নামটো স্পষ্ট নহয় আৰু তাত ভাউচাৰ নম্বৰো উল্লেখ নাই, মুঠ টকা দিছে ৩১,২১৪ টকা ৷
  • ১৭ নং পৃষ্ঠাত ৩,১৮,১২৩.৭০ টকা office and accounts বুলি দেখুওৱা খৰচো সন্দেহজনক ৷
  • পৃষ্ঠা নং ১৯ ত মাষ্টাৰৰোলৰ বিলসমূহত ধনৰ অপপ্ৰয়োগ হৈছে ৷ কাৰণ ২০১৮ চনৰ এপ্ৰিল মাহত কেচ বুকত মাষ্টাৰৰোলৰ কর্মচাৰীৰৰ বাবে মুঠ ধন দিছে ২৩,৯৪,৮৩৯ টকা ৷ কিন্তু মাষ্টাৰৰোলৰ কিমান জন কর্মচাৰীক সেই ধন দিয়া হৈছে তাৰ কোনো তথ্য নাই ৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যি তাৰিখত দৰমহা দিয়া হৈছে সেই তাৰিখ বা মাহৰ কেচবুকৰ পৃষ্ঠাবোৰৰহে তথ্য দাখিল কৰা হৈছে ৷ যাৰ জৰিয়তে বাকীবোৰত যে দুর্নীতিৰ ভয়ংকৰ তথ্যবোৰ ওলাব সেই কথা নিশ্চিত বুলি উল্লেখ কৰে ৰাইজৰ দলে ৷ বর্তমান যি গৰাকী কার্যবাহী বিষয়া, সেইগৰাকীয়ে তথ্যসমূহ লুকুৱাই আচলতে দুর্নীতিক চূড়ান্ত প্ৰশ্ৰয় দিছে ৷ আকাশী দুৱৰা নামৰ বিষয়াগৰাকীয়ে ৰাকেশ পালৰ দিনত চাকৰি লোৱা বুলিও ৰাইজৰ দলে সংবাদমেলত প্ৰকাশ কৰে ৷

সংবাদ মেলত ৰাইজৰ দলে উল্লেখ কৰা অনুসৰি :

  • কেচ বুকৰ ২৩ নং পৃষ্ঠাত Office establishment বুলি লিখি ভোজ-ভাত খোৱাৰ নামত ৩১,২৫০ টকা খৰচ কৰিছে ৷ সেই একে দিনাই পুনৰ একেটা শিতানতে ১১,৬৩৮ টকা খৰচ কৰিছে ৷
  • যোৰহাট পৌৰসভাই ষ্ট্ৰীট লাইট মেৰামতিৰ নামত লাখ লাখ টকা খৰচ কৰিছে ৷ এমাহতে এবাৰ ৬৫,৮৩১ টকা আকৌ ১,১৫,৯২৫ টকা ৷
  • ইয়াৰ পিছতে সেই একে মাহতে এপ্ৰিলৰ ১১ তাৰিখে অর্থাৎ বিহুৰ আগে আগে বাহন ভাট্টা (Conveyance Allowance) ৰ নামত উলিয়াইছে ১,৮৩,০০০ টকা ৷
  • সেই তাৰিখেই দুটা হিচাপত হোৱাইটনাৰ মাৰি (পৃষ্ঠা ২৩ ত) ধৰিব নোৱাৰা কৰি থৈছে ৷ ১১ এপ্ৰিলৰ বাহন ভাট্টাৰ নামৰ লাখ উলিয়াই নিয়াৰ পিছত তাৰ পিছদিনাই ভ্ৰমণ বানচৰ নামত ২০ হেজাৰৰো অধিক টকা উলিয়াই নিয়ে ৷
  • বাৰে বাৰে অফিচ এক্সপেনডিচাৰৰ নামত হাজাৰ হাজাৰ টকা উলিয়াই নিয়া হৈছে ৷ ইয়াৰ লগে লগে চৌর্যবৃত্তিৰ আটাইতকৈ নিদর্শন হ’ল কেচ বুকৰ আখৰবোৰ যাতে পৃথিৱীৰ আন কোনো নৰমনিচে পঢ়িব নোৱাৰে তাৰ বাবে‍ সৰু সৰুকৈ আৰু অস্পষ্ট ৰূপত লিখে ৷
  • ১৮ মে’ৰ ২০১৮ তাৰিখে হাত খৰচৰ বাবে (Petty cash)ৰ বাবে থকা ধনৰ বাবে কনিষ্ঠ অভিযন্তা ৰাজীৱ হাতীবৰুৱাক একেদিনাই এবাৰ ১,৭৫০ টকা আৰু আন এবাৰ ১১,৮৪৭ টকা দিয়া দেখুৱাইছে ৷
  • পৌৰসভাখনত অধিক দুর্নীতি সংঘটিত হৈছে ভ্ৰমণ বানচ, বাহন বানচ, ষ্ট্ৰীট লাইট মেৰামতি, বিদ্যুতৰ মেৰামতি‍, কার্যলায়ত ভোজ-ভাত খোৱা, চাহ খোৱা আদিত ৷

লগতে পঢ়ক : APSC Scam: ২০১৪ৰ পৰীক্ষা কিয় ন্যায়িক আয়োগৰ আওতাত নপৰিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.