ETV Bharat / city

ভাৰতীয় জীৱন বীমা নিগমৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - Asom Jatiyatabadi Yuba Chatra Parishad

বহু কেইটা দাবীলৈ শুকুৰবাৰে যোৰহাট জিলাখনৰ ৰজাবাৰীত থকা ভাৰতীয় জীৱন বীমা নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

LIC,  ভাৰতীয় জীৱন বীমা নিগম
LIC, ভাৰতীয় জীৱন বীমা নিগম
author img

By

Published : Feb 14, 2020, 5:19 PM IST

যোৰহাট, 14 ফেব্ৰুৱাৰীঃ ভাৰতীয় জীৱন বীমা নিগমৰ বিৰুদ্ধে যোৰাহাট জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ব্যাপক প্ৰতিবাদ ৷ শেহতীয়াকৈ বৃহৎ প্ৰতিষ্ঠানটোৱে অসমত অসমৰ নিবনুৱা সকলক বঞ্চিত কৰি ৰাজ্যখনৰ বাহিৰৰ যুৱক-যুৱতীক চাকৰিত নিয়োজিত কৰাৰ লগতে অসমৰ থলুৱা পঞ্জীয়নভুক্ত প্ৰতিষ্ঠান সমূহক এলাগী কৰি বহিৰাগত দিল্লী,কলকাতাৰ দৰে প্ৰতিষ্ঠানক কামৰ আৱন্টন দিয়াৰ অভিযোগ উত্থাপিত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে । জিলা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে জিলাখনৰ ৰজাবাৰীত থকা মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ভাৰতীয় জীৱন বীমা নিগমৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী

যুৱ ছাত্ৰ পৰিষদটোৰ দাবী ভাৰতীয় জীৱন বীমা নিগমৰ ক্ষেত্ৰীয় কাৰ্যালয় অসমত স্থাপন কৰা,অসমত থলুৱা পঞ্জীয়নভুক্ত প্ৰতিষ্ঠান সমূহক কামৰ আৱন্টন দিয়া,অসমত থকা সকলো কাৰ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা,নিগমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত 100 শতাংশ অসমৰ নিবনুৱাক নিযুক্তি দিয়া,বহিৰাগত প্ৰতিষ্ঠানক ৰাজ্যত কামৰ আৱন্টন দিয়া বন্ধ কৰা ৷

যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ইপিনে ভাৰতীয় জীৱন বীমা নিগমৰ কলকাতাত থকা ক্ষেত্ৰীয় কাৰ্যালয়ৰ অনা অসমীয়া বিষয়া সকলে বিভিন্ন সময়তে অসম বিৰোধী মনোভাৱ গ্ৰহণ কৰাৰ বাবে অসমৰ নিবনুৱা সকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.