ETV Bharat / city

টীয়কত পানীত পৰি শিশুৰ মৃত্যু

author img

By

Published : May 25, 2021, 10:57 PM IST

টীয়কত পানীত পৰি ডেৰ বছৰীয়া শিশুৰ মৃত্যু ৷ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত লৈ যোৱা হয় যদিও মৃত ঘোষণা চিকিৎসকৰ ৷

টীয়কত পানীত পৰি শিশুৰ মৃত্যু
টীয়কত পানীত পৰি শিশুৰ মৃত্যু

টীয়ক, 25 মে' : টীয়কত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ টীয়কৰ ঔগুৰি নেপালী খুটিৰ ৰাকেশ চেত্ৰী নামৰ এজন ব্যক্তিৰ প্ৰায় ডেৰ বছৰীয়া পুত্ৰ সন্তান অভিজিত চেত্ৰীৰ পানীত পৰি মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, পৰিয়াল লোক সকলে নিত্য কৰ্মত ব্যস্ত হৈ থকাৰ সময়তে শিশুটি চোতালত খেলি আছিল । কিন্তু কেনেকৈ গৈ পুখুৰীত পৰিল পৰিয়ালৰ সদস্য জ্ঞাত নহয় । ওচৰত এগৰাকী সম্বন্ধীয় মহিলাই পুখুৰীত শিশুটিক ওপঙি থকা দেখি চিঞৰ বাখৰ লগোৱাত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় শিশুটিক ৷ শিশুটিক ততাতৈয়াকৈ টীয়ক এফ আৰ ইউ লৈ নিয়া হয় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : উত্তৰ পূৱৰ সৈতে শাৰিৰীক ব্যৱধান হ্ৰাস পালেও মনৰ ব্যৱধান এতিয়াও বিদ্যমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.