যোৰহাট, 6 জুলাইঃ মাজুলী জিলা প্ৰশাসনে সাত দিনৰ বাবে বন্ধ কৰে এম ভি মূলাগাভৰু আৰু এছ বি সৰুমাই ফেৰী সেৱা ৷ ইতিমধ্যে মাজুলী অফলামুখ ফেৰী ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰী সকলৰ মাজত ৷
উল্লেখ্য যে, প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া যাত্ৰীৰ সংখ্যাত কৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ অভিযোগত মাজুলী জিলা প্ৰশাসনে 7 দিনলৈ দুখন কৈ ফেৰী চলাচল বন্ধ কৰি দিয়ে ৷ উক্ত ফেৰী কেইখন হ'ল এম ভি মূলাগাভৰু আৰু এছ বি সৰুমাই । প্ৰশাসনে ফেৰী দুখনৰ চলাচল বন্ধ কৰাত ইতিমধ্যে মাজুলী অফলামুখ ফেৰী ঘাটত শতাধিক যাত্ৰীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ যাত্ৰী সকলে অফলামুখ ঘাটত ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিব লগীয়া হৈছে ফেৰীৰ বাবে ৷ চৰকাৰী নিয়ম ভংগ কৰি অধিক যাত্ৰী অনাৰ বাবে এই সিদ্ধান্ত প্ৰশাসনে গ্ৰহণ কৰিছে যদিও এতিয়া হাৰাশাস্তি খাব লগীয়া হৈছে যাত্ৰী সকলে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি এতিয়া মাজুলী অফলামুখ ফেৰী ঘাটত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ অতি শীঘ্ৰে যাত্ৰী সকলৰ বাবে প্ৰশাসনে উপযুক্ত ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক- ঘোৰা গাড়ীত উঠি অভিনৱ প্ৰতিবাদ ৰিপুণ বৰাৰ