ETV Bharat / city

পুনৰ আলফা(স্বা)মুখী নতুন প্ৰজন্ম: উজনি-নামনিত অন্তৰ্ধান বহুজন - Manab Deka from Guwahati suspected to join ULFA

যিসময়ত আলফা (স্বা) ৰ সৈতে ৰাজ্য চৰকাৰে শান্তি আলোচনাৰ এক পৰিবেশ ৰচনা কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি আহিছে তেনে সময়তে এদিন-দুদিনৰ মুৰে মুৰে নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে আলফা (স্বা) লৈ ঢাপলি মেলাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে (Youths from Assam joining outlawed ULFA I) । গুৱাহাটীৰ গীতা মন্দিৰ অঞ্চলৰ মানৱ ডেকা নামৰ এজন যুৱকো আলফা (স্বা) ত যোগ দিয়া বুলি সন্দেহ কৰা হৈছে ।

youths from assam joining outlawed ulfa independent
পুনৰ আলফা(স্বা)মুখী নতুন প্ৰজন্ম: উজনি-নামনিত অন্তৰ্ধান বহুজন
author img

By

Published : May 11, 2022, 5:20 PM IST

নিউজ ডেস্ক, ১১ মে': মাতৃভূমি অসমৰ পৰা বহু দুৰৈত অজান-অচিনা অটব্য অৰণ্যৰ মাজত আলফা (স্বা) ই দুজনকৈ অসমীয়া যুৱকক আৰক্ষীৰ চোৰাংচোৱা বুলি সন্দেহ কৰি ইতিমধ্যে মৃত্যুদণ্ড দিয়া ঘটনাক অসমৰ জনতাই এতিয়াও সহজে লব পৰা নাই । কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে একে সময়চোৱাতে আলফা (স্বা) লৈ বুলি ঢাপলি মেলিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুজন (Youths from Assam joining outlawed ULFA I) । স্বাভাৱিকতে এয়া এক চিন্তনীয় আৰু উদ্বেগজনক বিষয় ।

শেহতীয়াকৈ পোহৰলৈ আহিছে উজনি অসমৰ খোৱাঙৰ এজন উদীয়মান সংগীতশিল্পীৰ উপৰিও ৰাজধানী চহৰ গুৱাহাটীৰ এজন যুৱকে আলফা (স্বা) ত যোগ দিয়াৰ ঘটনা । মৰাণৰ উদীয়মান কন্ঠশিল্পী অভিলেখ বৰাৰ উপৰিও গুৱাহাটীৰ গীতা নগৰৰ গীতা মন্দিৰ অঞ্চলৰ মানৱ ডেকা নামৰ এজন যুৱকো আলফা (স্বা) ত যোগ দিয়া বুলি সন্দেহ কৰা হৈছে (Manab Deka from Guwahati suspected to join ULFA)। ইয়াৰোপৰি মাত্ৰ দুদিনৰ পূৰ্বে চাৰি বছৰীয়া সন্তানক ককাক-আইতাকৰ সৈতে ঘৰতে এৰি থৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এক দম্পতি আলফা (স্বা) মুখী হোৱাৰ খবৰ পোহৰলৈ আহিছিল ।

আনহাতে বিগত মাত্ৰ তিনি চাৰি দিনৰ ভিতৰতে বঙাইগাঁৱৰ পৰা অপৰাজিত নাথ, ৰঙিয়াৰ পৰা ৰিংকু আহমেদ, ওদালগুৰিৰ পৰা জাকাৰিয়া আহমেদ আৰু হিমাংশু ভূঞাৰ লগতে সোণাৰিৰ পৰা পৰাগজ্যোতি চেতিয়া নামৰ কেইবাজনো যুৱকে আলফা (স্বা) ত যোগ দিয়া বুলি সন্দেহ কৰা হৈছে । এনেবিলাক ঘটনাই নিশ্চিতভাৱে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা) ৰ নতুন সাংগঠনিক তৎপৰতাৰে ইংগিত দিছে ।

আনহাতে, অসম আৰক্ষীয়েও ইতিমধ্যে স্বীকাৰ কৰিছে যে আলফা (স্বা) লৈ নতুন প্ৰজন্মৰ সোঁত অব্যাহত আছে । উল্লেখযোগ্য যে যোৱা বৄহস্পতিবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছে গুৱাহাটী গীতা মন্দিৰৰ মানৱ ডেকা । সেইদিনা পুৱা ৫.৩০ বজাতে ঘৰত কাকো একো নজনোৱাকৈ ওলাই গৈছিল যুৱকজন । অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ছাত্ৰ ২৪ বছৰীয়া এই যুৱকজনে ঘৰ এৰি আতৰি যোৱাৰ পূৰ্বে ভাতৃৰ মোবাইলত দি থৈ হৈছিল এটা মেছেজ ।

যিসময়ত আলফা (স্বা) ৰ সৈতে ৰাজ্য চৰকাৰে শান্তি আলোচনাৰ এক পৰিবেশ ৰচনা কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি আহিছে তেনে সময়তে এদিন-দুদিনৰ মুৰে মুৰে নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে আলফা (স্বা) লৈ ঢাপলি মেলাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ।

লগতে পঢ়ক: Assam Police encounter: আৰক্ষীক আক্ৰমণ কৰা ড্ৰাগছ মাফিয়াক গুলীয়ালে ভৰিত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.