ETV Bharat / city

Presidential Election: কংগ্ৰেছ-এ আই ইউ ডি এফক পৃথকে সাক্ষাৎ যশোৱন্ত সিনহাৰ - Inidan Presidential Election

ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰৰ বাবে বুধবাৰে গুৱাহাটীত উপস্থিত হয় (Presidential candidate Yashwant Sinha visits Assam for election campaign) ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হা । তেওঁ অসমৰ দুই প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত বেলেগকৈ বেলেগকৈ লগ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

Inidan Presidential Election
Inidan Presidential Election
author img

By

Published : Jul 13, 2022, 9:44 PM IST

গুৱাহাটী, 13 জুলাই : ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হা ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰৰ বাবে বুধবাৰে গুৱাহাটীত উপস্থিত হয় (Presidential candidate Yashwant Sinha visits Assam for election campaign) । যশোৱন্ত সিনহাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমৰ দুই প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত বেলেগকৈ বেলেগকৈ লগ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হাৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছে এক সভা অনুষ্ঠিত কৰে । সভাত কংগ্ৰেছৰ বিধায়ক, সাংসদ, ৰাইজৰ দলৰ বিধায়ক, চি পি আই এমৰ বিধায়ক আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আদি উপস্থিত থাকে (Yashwant Sinha separately meets AIUDF Congress MLAs) ।

ইয়াৰ বিপৰীতে হোটেল তাজ ভিভান্তাত এ আই ইউ ডি এফে বেলেগকৈ সভা অনুষ্ঠিত কৰে । ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰথমে হোটেল তাজ ভিভান্তাত এ আই ইউ ডি এফৰ সৈতে পৃথকে সভাত মিলিত হয় (Presidential candidate Yashwant Sinha visits Assam) ।

তাৰ পিছত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যশোৱন্ত সিনহাৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ অনুষ্ঠিত কৰা সভাত তেওঁ অংশগ্ৰহণ কৰে । প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে এ আই ইউ ডি এফে যশোৱন্ত সিনহাক সমৰ্থন কৰিব । মনকৰিবলগীয়া যে যোৱা ৰাজ্য সভাৰ নিৰ্বাচনতে এ আই ইউ ডি এফ অৰু কংগ্ৰেছৰ মাজত ফাঁট মেলিছিল । এতিয়া শেহতীয়া ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুখন পৃথক সভাই এ আই ইউ ডি এফ অৰু কংগ্ৰেছৰ মাজৰ বিভেদ স্পষ্ট কৰি তুলিছে ।

লগতে পঢ়ক : Presidential Election: গুৱাহাটীত কংগ্ৰেছ, ৰাইজৰ দল, চি আই এমৰ বিধায়কৰ সৈতে আলোচনা যশোৱন্ত সিনহাৰ

উল্লেখ্য যে বুধবাৰে দিনৰ 2.40 বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত যশোৱন্ত সিন্হাই অৱতৰণ কৰে (Yashwant Sinha in Assam)। বিমানবন্দৰত যশোৱন্ত সিন্হাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, বিৰোধী দলৰ দলপতি দেবব্ৰত শকীয়াই আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে এ আই ইউ ডি এফৰ নেতা আদিয়ে আদৰণি জনায় ।

অসমৰ ১৪৭ টা ভোটক গুৰুত্ব সহকাৰে লৈছে শাসক আৰু বিৰোধী উভয় পক্ষৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্রার্থীয়ে । ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যখনৰ ১২৬ জন বিধায়ক আৰু ২১জন সাংসদসহ মুঠ ১৪৭ জনে ভোটদানৰ সুযোগ পাব । এই ১৪৭ টা ভোটৰ মূল্য হৈছে ২৯,৩১৬ । যশোৱন্ত সিনহা বুধবাৰে নিশা গুৱাহাটীৰ পৰা পোনে পোনে ভূপাললৈ বিমানেৰে উভতি যায় ।

মনকৰিবলগীয়া যে, ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুৱে যোৱা সপ্তাহত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় গৈছিল । কিন্তু ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হাই অকল অসমতে প্ৰচাৰ চলায় ।

লগতে পঢ়ক : Presidential Election : দেশবাসীক পুতলা ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই: যশোৱন্ত সিনহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.