ETV Bharat / city

দীঘলীপুখুৰী পাৰত প্ৰজ্বলিত হ'ল সৰ্ববৃহৎ মাটি চাকি

author img

By

Published : Oct 26, 2019, 8:14 PM IST

দীঘলীপুখুৰী পাৰত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰজ্বলিত কৰিলে সৰ্ববৃহৎ মাটি চাকি ৷ 'এক ডিয়া প্ৰকৃতিকে নাম' শীৰ্ষক শ্লোগানেৰে পৰিৱেশ সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰজ্বলিত কৰা হ'ল সৰ্ববৃহৎ চাকি গছি ।

সৰ্ববৃহৎ মাটি চাকি

গুৱাহাটী, 26 অক্টোবৰ : দীঘলীপুখুৰীৰ পাৰত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰজ্বলিত কৰিলে সৰ্ববৃহৎ মাটি চাকি ৷ 'এক ডিয়া প্ৰকৃতিকে নাম' শীৰ্ষক শ্ল'গানেৰে পৰিৱেশ সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰজ্বলিত কৰা হ'ল সৰ্ববৃহৎ চাকি গছি । দেৱালী উপলক্ষে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল সৰ্ববৃহৎ মাটিৰ চাকি গছি । মেক্স চিমেণ্টৰ সহযোগত উৎপল কান্তৰ প্ৰচেষ্টাত মাহজোৰা প্ৰচেষ্টাৰে 10 জন লোকে নিৰ্মাণ কৰি উলিয়ালে এই চাকি গছি ৷

ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰজ্বলিত কৰিলে সৰ্ববৃহৎ মাটি চাকি
দীঘলীপুখুৰী পাৰত প্ৰজ্বলিত হ'ল সৰ্ববৃহৎ মাটি চাকি

দীঘলীপুখুৰী পাৰত সকলো লোকৰ উপস্থিতত চাকি গছি প্ৰজ্বলন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৷ পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক ৰাজ্যপাল গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে ৷ লগতে ৰাজ্যপালগৰাকীয়ে প্লাষ্টিক মুক্ত এখন পৃথিৱী গঢ়াৰ লগতে এই দেৱালীত সেউজ দেৱালী উদযাপনৰ বাবে সকলোকে অনুৰোধ কৰে।

উল্লেখ্য যে,ইতিমধ্যে গ্ৰীনিজ বুক অৱ ৰেকৰ্ড আৰু লিমকা বুক অৱ ৰেকৰ্ডত চাকি গছিৰ নাম অন্তৰ্ভুক্তিৰ বাবে কৰা হৈছে সকলো যাৱতীয় নথি পত্ৰৰ কাম। ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি হ'লেই অসমলৈ আন এক গৌৰৱ কঢ়িয়াই আনিব চাকি গছিয়ে ৷

Intro:দীঘলীপুখুৰী পাৰত প্ৰজ্বলিত হল সৰ্ববৃহৎ মাটিৰ চাকি গছি। ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰজ্বলন কৰে চাকি গছি। এক ডিয়া প্ৰকৃতিকে নাম শীৰ্ষক শ্লোগানেৰে পৰিবেশ সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰজ্বলিত হল সৰ্ববৃহৎ চাকি গছি।

Body:দেৱালীৰ উপলক্ষে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল সৰ্ববৃহৎ মাটিৰ চাকি। প্ৰায় মাহ জোৰা চলিছিল চাকি গচিৰ নিৰ্মাণৰ কাম। 10 জন লোকে নিৰ্মান কৰা এই চাকি গছি অৱশেষত দেৱালীত পৰিবেশ সুৰক্ষাৰ বাবে সকলোকে সজাগ কৰিবলৈ প্ৰজ্বলন কৰা হয়। লিটাৰে লিটাৰে তেল ঢালি দিয়া হৈছে চাকি গচিত। ইয়াৰ পূৰ্বে কেতিয়াও কোনোকালে এনে ধৰণৰ সৰ্ববৃহৎ চাকি প্ৰজ্বলন কৰা হোৱা নাই। মেক্স চিমেণ্টৰ সহযোগত উৎপল কান্তৰ প্ৰচেষ্টাত অসম্ভৱ সম্ভৱ হল। দীঘলীপুখুৰী পাৰত সকলো লোকৰ উপস্থিতত প্ৰজ্বলন কৰিলে জগদীশ মুখীয়ে এই চাকি। পৰিবেশ সুৰক্ষিত হোৱা এনে ধৰণৰ পদক্ষেপক ৰাজ্যপাল গৰাকীয়ে নশলাগি নোৱাৰিলে।
Bite:- জগদীশ মুখী।
লগতে ৰাজ্যপাল গৰাকীয়ে প্লাষ্টিক মুক্ত এখন পৃথিৱী গঢ়াৰ বাবে লগতে এই দেৱালীত সেউজ দেৱালি উদযাপনৰ বাবে সকলোকে অনুৰোধ কৰে।

Conclusion:ইতিমধ্যে গিনীজ বুক অব ৰেকৰ্ড আৰু লিমকা বুক অব ৰেকৰ্ডলৈ চাকি গচিৰ নাম অন্তৰ্ভূক্তিৰ বাবে কৰা হৈছে সকলো যাবতীয় নথি পত্ৰৰ কাম। ৰেকৰ্ডত নাম অন্তৰ্ভূক্তি হলেই পুনৰ অসমলৈ আহিব আন এক গৌৰৱ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.