গুৱাহাটী,২৯জুন : গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হয় মহিলা নিৰুদ্দেশৰ ঘটনা। ২৩জুনৰ সন্ধিয়া ৫.৩০বজাত ঘৰৰ পৰা ওলাই গৈছিল যমুনা দাস নামৰ এগৰাকী মহিলা। ঘৰৰ পৰাল ওলাই যোৱা সময়ৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী। তথ্য অনুসৰি মহিলাগৰাকী মানসিকভাৱে কিছু পৰিমাণে বিকাৰগ্ৰস্ত। নিৰুদ্দিষ্ট মহিলাগৰাকীক বিচাৰি এতিয়া হাবাথুৰি খাইছে স্বামী দীপক দাসে। স্বামী দীপক দাস উপায়ন্তৰ হৈ গড়চুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই। মহিলাগৰাকী মানৱ সৰবৰাহকাৰীৰ কৱলত পৰাৰ সন্দেহ স্বামীৰ। ইফালে কোনো সদাশয় লোকে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সম্ভেদ পালে 8724034712 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামী দীপক দাসে।
গুৱাহাটী মহানগৰীত নিৰুদ্দেশ মহিলা - যমুনা দাস
গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ যমুনা দাস নামৰ এগৰাকী মহিলা ২৩জুনৰ পৰা নিৰুদ্দেশ হৈ আছে । নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সম্ভেদ পালে 8724034712 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ মহিলাগৰাকীৰ স্বামী দীপক দাসৰ