গুৱাহাটী, 1 জুন: গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ নুনমাটিৰ মাৰ্কেটিংত ডেৰ বছৰীয়া সন্তানক এৰি চলন্ত ৰে’লৰ আগত জপিয়াই আত্মহত্যা কৰে এগৰাকী মহিলাই ( Woman commits suicide by jumping in front of a train) ৷
ৰেলৰ খুন্দাত নিহত হোৱা মহিলাগৰাকীৰ হৈছে মঠ ঘৰীয়া নিবাসী ভনিতা কলিতা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, নাৰেংগীৰ কমলা বাগানৰ ভণিতা কলিতাই পাঁচ বছৰ পূৰ্বে মঠঘৰীয়াৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৷
স্থানীয় ৰাইজে সন্দেহ কৰা মতে, ঘৰুৱা কন্দলৰ পৰিণতিত এটা সন্তানৰ মাতৃয়ে ডেৰ বছৰিয়া সন্তানক এৰি থৈ আত্মহত্যা কৰে (Suicide case in Guwahati) ৷ অৱশ্যে কি কাৰণত ডেৰ বছৰীয়া সন্তানক এৰি থৈ মহিলাগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’লে সেয়া স্পষ্ট হৈ উঠা নাই ৷ এই সকলোবোৰ কথা আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : গুৱাহাটীত শ্বপিং মলৰ পঞ্চম মহলাৰ পৰা জপিয়ালে ছাত্ৰই