ETV Bharat / city

গুৱাহাটীত জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু

author img

By

Published : Feb 6, 2022, 8:20 PM IST

প্ৰচণ্ড শীতে কপাঁইছে ৰাজ্যবাসীক (Cold waves in Assam) । বিগত ২–৩ দিন ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা কিনকিনিয়া বৰষুণ, ফিৰফিৰিয়া বতাহজাকে আৰু বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ । এই প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ জুই পুৱাই থাকোতে গুৱাহাটীত অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে এগৰাকী মহিলা (Woman burnt to death at Guwahati) ৷

woman-burnt-to-death-at-guwahati
গুৱাহাটীত জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু

গুৱাহাটী, 6 ফেব্ৰুৱাৰী : প্ৰচণ্ড শীত ( Cold waves in Assam) ৰ পৰা ৰক্ষা পাবলৈ জুই পুৱাই থাকোতে গুৱাহাটীত অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে এগৰাকী মহিলা (Woman burnt to death at Guwahati) ৷ মাত্ৰ কেইদিনমান পূৰ্বে নুনমাটি এজন লোকে জুই পুৱাই থকাতে অগ্নিদগ্ধ হোৱা ঘটনা মাৰ নৌযাওঁতে মহানগৰীৰ নুনমাটিত পুনৰ অগ্নিদগ্ধ হৈ এগৰাকী মহিলাই কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হোৱা ঘটনাই সম্প্ৰতি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

শুকুৰবাৰে পুৱাৰ ভাগত মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত 1 নং আনন্দ নগৰত শীতৰ পৰা ৰক্ষা পাবলৈ এগৰাকী মহিলাই জুই পুৱাই থাকোতে গাত জুই লাগি অগ্নিদগ্ধ হৈ অৱশেষত শনিবাৰে মৃত্যু বৰণ কৰিব লগা হয় ।

ঘটনা অনুসৰি, নুনমাটিৰ এলিজা বেগমে (47) শুকুৰবাৰে ঘৰৰ বাৰাণ্ডাত জুই জ্বলাই জুই পুৱাই আছিল । জুই পুৱাই থকা অৱস্থাতে হঠাৎ মহিলা গৰাকীৰ শাৰীত জুই লাগে । নিমিষতে জুয়ে সমগ্ৰ শৰীৰত সম্প্ৰসাৰিত হোৱাত মহিলা গৰাকীয়ে চিঞৰ বাখৰ আৰম্ভ কৰে । মহিলাগৰাকীৰ চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া আহি মহিলা গৰাকীৰ দেহৰ পৰা জুই নুমোৱাবলৈ সক্ষম হয় ।

লগে লগে অগ্নিদগ্ধ মহিলা গৰাকীক সংকট জনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । পিছত চিকিৎসাধীন অৱস্থাত মহিলাগৰাকীয়ে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক : মাজুলীৰ উপ-নিৰ্বাচন : ১০ ফেব্ৰুৱাৰীৰ পিছত চূড়ান্ত হব বিজেপিৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.