ETV Bharat / city

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল

author img

By

Published : Dec 21, 2020, 9:36 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল কৰা হৈছে ৷ কিন্তু মাঘ বিহুত এসপ্তাহৰ বাবে বন্ধ থাকিব বিশ্ববিদ্যালয় ৷ এই কথা প্ৰকাশ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷

গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল

গুৱাহাটী, 21 ডিচেম্বৰ : বাতিল কৰা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ ৷ এই বন্ধৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিয়মীয়াকৈ পাঠদান, পৰীক্ষা আদি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু মাঘ বিহুত এসপ্তাহ বন্ধ থাকিব বিশ্ববিদ্যালয় ৷ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক শিক্ষক সন্থা, কৰ্মচাৰী সন্থাই আদৰণি জনাইছে ৷ এই কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷

ইফালে যোৱা 15 ডিচেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ খুলি দিয়া হৈছে ৷ ইতিমধ্যেই পাঠদান প্ৰক্ৰিয়া নিয়মীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ পৰীক্ষাৰ পঞ্জীয়ন প্ৰক্ৰিয়াও আৰম্ভ হৈ গৈছে ৷ উল্লেখযোগ্য যে, লক ডাউনৰ সময়চোৱাতো বিশ্ববিদ্যালয়ৰ পাঠদান অব্যাহত আছিল ৷ তাৰোপৰি পৰীক্ষাসমূহো অনলাইন মাধ্যমতে সমাপ্ত হৈ গৈছে ৷

লগতে পঢ়ক : অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীক ধেমাজিত আদৰণি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.