ETV Bharat / city

কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি? - Assam BJP news

গেৰুৱা দলৰ ভিতৰচৰাত আৰম্ভ পৰৱৰ্তী সভাপতি নিৰ্বাচনকেন্দ্ৰিক অংক ৷ অহা 15 ডিচেম্বৰত নিৰ্বাচিত হব বিজেপিৰ পৰৱৰ্তী সভাপতি ৷

কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি?
author img

By

Published : Nov 17, 2019, 8:49 PM IST

গুৱাহাটী, 17 নৱেম্বৰ: অহা ডিচেম্বৰ মাহত অন্ত পৰিব বিজেপিৰ বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসৰ কাৰ্যকাল ৷ ৰঞ্জিত দাসৰ পাছত এইবাৰ কোন হ'ব বিজেপিৰ সভাপতি? ইয়াকে লৈ এতিয়া ব্যাপক চৰ্চা চলিছে গেৰুৱা দলটোৰ ভিতৰচৰাত ৷ বুথ সমিতি, মণ্ডল সমিতিৰ নিৰ্বাচন পাছত অহা 15 ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি হেঙাৰাবাৰীত এতিয়া আৰম্ভ হৈছে সভাপতি নিৰ্বাচনকেন্দ্ৰিক অংক ৷ ৰাজ্যিক বিজেপি পৰৱৰ্তী সভাপতি হিচাপে প্ৰথমতেই চৰ্চিত হৈছে মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকাৰ নাম ৷ ইয়াৰ পাছতে সম্ভাব্য সভাপতিৰ তালিকাত অন্তৰ্ভূক্ত হৈছে মন্ত্ৰী ভবেশ কলিতা, মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী আৰু জেষ্ঠ নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ নাম ৷ উল্লেখযোগ্য যে, বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসৰ সভাপতি পদত বাহাল থকাৰ মন যদিও 21ৰ নিৰ্বাচনত দলে তেওঁক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰাৰ কথা ইতিমধ্যে চূড়ান্ত হৈছে ৷ গতিকে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি কোন হব তাক জানিবলৈ আমি অপেক্ষা কৰিব লাগিব 15 ডিচেম্বৰলৈ ৷

কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ অখিল গগৈ

Intro:Anchor- কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি? বৰ্তমান আৰম্ভ হৈছে
বিজেপিৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়া ৷ ১৫ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচিত হব বিজেপিৰ পৰৱৰ্তী সভাপতি । বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসেই বাহাল থাকিব নে আন কাৰোবাক দিয়া হ'ব সভাপতিৰ গুৰু দায়িত্ব? তাকেলৈ চর্চা চলিছে বিজেপি দলত ।

Body:Gfx- ডিচেম্বৰ মাহত সমাপ্ত সভাপতি ৰঞ্জিত দাসৰ কাৰ্য কাল
Gfx - কোন হব পৰৱৰ্তী বিজেপিৰ সভাপতি
Voice- নাম চৰ্চিত হৈছে
Gfx - প্ৰাক্তন সাংসদ ৰমেন ডেকা
Gfx - মন্ত্ৰী ভবেশ কলিতা
Gfx- শান্তনু ভৰালী
আৰু
Gfx ফণীন্দ্ৰ নাথ শৰ্মাৰ নাম
Voice - ইতিমধ্যে সমাপ্ত হৈছে বুথ সমিতি , মণ্ডল সমিতিৰ নিৰ্বাচন আৰু ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হব জিলা সভাপতি আৰু ৰাজ্যক পৰিষদৰ সদস্যৰ নিৰ্বাচন । আনহাতে ১ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হব ৰাজ্যক সভাপতিৰ নিৰ্বাচন । কোন হব পাৰে বিজেপিৰ পৰৱৰ্তী সভাপতি ৰমেন ডেকা , ভবেশ কলিতা , শান্তনু ভৰালী নাম চৰ্চিত হৈছে যদিও ফণীন্দ্ৰ নাথ শৰ্মাৰ আৰু ৰঞ্জিত দাসৰ ভিতৰে সভাপতি নিৰ্বাচিত কৰা আশংকা অধিক ।
PTC
VOICE- উল্লেখযোগ্য যে ৰঞ্জিত দাসৰ সভাপতি হৈ থাকিবলৈ মন আছে যদিও ২০২১ চনৰ নিৰ্বাচনত ৰঞ্জিত দাস হব নিজে এজন প্ৰাৰ্থী ।
PTC
Conclusion:Voice- ৰঞ্জিত দাস পুনৰ সভাপতি ৰূপে নিৰ্বাচিত নোহেলাও সোণোৱাল মন্ত্ৰী সভাত যে মন্ত্ৰীৰ পদ পাব সেই কথা কিন্তু নিশ্চিত । এতিয়া মাথোঁ ১৫ ডিচেম্বৰলৈ অপেক্ষা বিজেপিৰ সভাপতি কোন হব সেয়া স্পষ্ঠ হবলৈ ।
কেমেৰাত পল্লব বৰাৰ সহযোগত আকাশ হাজৰিকা ETV BHARAT
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.