গুৱাহাটী, ১৩ নৱেম্বৰ : অসমৰ ক'ত ওলাইছে সোণালী বৰটোপ । পিছে এই সোণালী বৰটোপ এলা-পেচা ঠাইত ওলোৱা নাই । ওলাইছে দিছপুৰৰ বৰঘৰত । সেয়ে সহজতে সকলোৰে এই সোণালী বৰটোপ দেখাৰ সৌভাগ্য নহ'ব । বৰটোপ সোণালী ৰঙৰ হোৱাৰ বিষয়টো বৰ্তমান বিশেষভাৱে চৰ্চালৈ আহিছে । লক্ষণীয় বিষয়টো হ'ল যে, বিজেপি চৰকাৰে সততে সোণৰ অসম গঢ়াৰ কথা কয় । সোণৰ অসম গঢ়াৰ সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যত যেন চৰকাৰখনে এখোজ দিলে ।
সোণালী বৰটোপৰ জৰিয়তে কাৰ্যতঃ সোণৰ অসম গঢ়াৰ পথত যেন এখোজ আগবাঢ়িছে অসম বিধানসভা ! উল্লেখ্য যে, অসম বিধানসভাৰ প্ৰৱেশদ্বাৰত সুন্দৰকৈ সজাই থোৱা আছে অসমৰ গৌৰৱোজ্বল ইতিহাসৰ স্বাক্ষৰ বহনকাৰী দুটা বৰটোপ । দুটা প্ৰকাণ্ড হাতীদাঁতৰ তলত চকুত পৰাকৈ সজাই থোৱা এই বৰতোপ দুটাই স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ বিধানসভাৰ অধিৱেশনৰ আগে আগে বিধানসভাগৃহত আটক ধুনীয়াকৈ সজাই তোলা হয় । ৰং-তেল সানি বিধানসভা চৌহদক নতুন ৰূপ দিয়া হয় । এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ।
আনহাতে নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ পাছতে সমগ্ৰ বিধানসভা চৌহদকে আচল-নকল ফুল আৰু গছ-বনেৰে সজাই তোলা হৈছে । বৃহস্পতিবাৰে বিধানসভাত নৱনিৰ্বাচিত পাঁচজন বিধায়কে শপতগ্ৰহণ কৰে । তেওঁলোকক শপতবাক্য পাঠ কৰোৱায় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । পৰম্পৰা অনুসৰি বিধানসভা চৌহদক সজাই-পৰাই তোলা হৈছে যদিও আশ্চৰ্যজনকভাৱে বিধানসভাগৃহৰ সন্মুখতে থকা বৰটোপ দুটাত সানি দিয়া হ’ল সোণালী ৰং । অসমীয়াৰ গৌৰৱৰ প্ৰতীক ক'লা ৰঙৰ বৰটোপত সানি দিয়া হ’ল সোণোৱালী ৰং৷ এই দায়িত্বজ্ঞানহীন কাণ্ডই স্বাভাৱিকতে সৰ্বত্ৰ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
লগতে পঢ়ক : Cheat in Love : প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিও প্ৰতাৰিত হ’ল শিল্পা
বৰটোপৰ ৰং সোণালী নহয়, সেয়া সকলোৱে জানে । তৎসত্বেও কোনে কিয় আৰু কাৰ নিৰ্দেশত ক’লা বৰতোপত ৰং সানি দিলে সেয়া স্বাভাৱিকতেই আলোচনা আৰু চৰ্চাৰ বিষয় হৈ পৰিছে । এই সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপর্ণ কোঁৱৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসম বিধানসভাৰ চৌহদৰ ভিতৰৰ মূল সদনৰ প্ৰৱেশদ্বাৰত থকা আমাৰ ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ এক অন্যতম চানেকি স্বৰূপ "বৰটোপ" কেইটাত সৌন্দর্যবৰ্ধনৰ নামত বিধানসভা সচিবালয় প্ৰশাসনে সোণালী ৰং সানি দিলে । এয়া এক অক্ষমণীয় অপৰাধ তথা কাণ্ডজ্ঞানহীন কাৰবাৰ ।
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, ঐতিহাসিক সম্পদৰ ওপৰত এনেদৰে প্ৰলেপ সানি ইয়াৰ প্ৰকৃত ৰূপ সলোৱাটো একেবাৰে যুক্তিসংগত নহয় । ই আইন বিৰোধী আৰু অবৈজ্ঞানিকো । যদি ৰাজ্যখনৰ আইন প্ৰণয়ন কৰা মূল বৰঘৰটোৰ দুৱাৰমুখতে থকা এই ঐতিহাসিক "বৰটোপ" কেইটাৰ স্বকীয়তা আৰু ঐতিহ্য সুৰক্ষিত নহয়, তেন্তে ক'ত হ'ব বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে এই কাৰ্য অতি আশ্চর্যজনক, দুৰ্ভাগ্যজনক আৰু লজ্জাজনক । খোদ ৰাজ্যখনৰ আইন প্ৰণয়নৰ বৰঘৰতে এনেদৰে অসমৰ গৌৰৱোজ্জ্বল ঐতিহ্যত আঁচোৰ লগা কাৰ্য্য অতি নিন্দনীয় ।
তেওঁ কয় যে বৰটোপৰ ৰং কোনোকালেই সোণালী নাছিল, সেইয়া সকলোৱে জানে । তৎসত্বেও কোনে কাৰ নিৰ্দেশত কি উদ্দেশ্যেৰে ক'লা বৰটোপত সোণালী ৰং সানিলে সি বিচার্যৰ বিষয় । এয়া অসমৰ গৌৰৱোজ্জ্বল ঐতিহ্যৰ প্ৰতি ঘোৰ অপমান । ঐতিহাসিক সম্পদৰ ওপৰত এনেদৰে অন্য প্ৰলেপ সানি ইয়াৰ প্ৰকৃত ৰূপ সলোৱাটো একেবাৰে গ্ৰহণযোগ্য আৰু যুক্তিসংগত নহয় । ই আইন বিৰোধী আৰু অবৈজ্ঞানিকো । এনে কাণ্ডজ্ঞানহীন কাম কৰি অক্ষমণীয় অপৰাধ কৰা ব্যক্তিক শীঘ্ৰেই চিনাক্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ প্ৰদেশ কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীক দাবী জনাইছে ।
লগতে পঢ়ক : New Covid SOP : গৰ্ভৱতী আৰু তিনিবছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীসকল যাব লাগিব কাৰ্যালয়লৈ