ETV Bharat / city

অসমত কি হ'ব নাগৰিকত্ব সংশোধনী আইনৰ ভৱিষ্যত

author img

By

Published : Jun 14, 2020, 1:46 AM IST

2020 বৰ্ষত বহু এনে ঘটনা ঘটিছে যি ঘটনাই অসমৰ প্ৰেক্ষাপটতো প্ৰভাৱ পেলাইছে । অসমৰ ৰাইজে 2016 বৰ্ষৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে । এনে অৱস্থাত অসমত নাগৰিকত্ব সংশোধনী আইনৰ ভৱিষ্যত কি হ'ব সেই লৈ ইটিভি ভাৰত অসম উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ ওচৰত ৷ বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ইটিভি ভাৰত অসমৰ আগত উল্লেখ কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ৷

অসমত কি হ'ব নাগৰিকত্ব সংশোধনী আইনৰ ভৱিষ্যত
অসমত কি হ'ব নাগৰিকত্ব সংশোধনী আইনৰ ভৱিষ্যত

গুৱাহাটী, 13 জুন : 2020 বৰ্ষত বহু এনে ঘটনা ঘটিছে যি ঘটনাই অসমৰ প্ৰেক্ষাপটতো প্ৰভাৱ পেলাইছে । অসমৰ ৰাইজে 2016 বৰ্ষৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে । কিন্তু এই প্ৰতিবাদে 2019 বৰ্ষত ৰাইজৰ প্ৰতিবাদ হৈ ৰাজপথলৈ ওলাই আহিল । ৰাজপথৰ প্ৰতিবাদলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক । প্ৰতিবাদৰ মাজতে প্ৰাণ হেৰুৱালে 5 জন কৈ নিৰীহ লোকে । প্ৰতিবাদ চলি থাকিল ধাৰাবাহিকভাৱে, ইয়াৰ পিছতে ৰাজপথৰ প্ৰতিবাদ গ'ল, সংগঠনৰ নেতৃত্বলৈ ।

অসমৰ সচেতন ৰাইজে আগবঢ়াই নিব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন, অজিত কুমাৰ ভূঞা

আন্দোলন হ'ল খেলপথৰত আৰু ইয়াৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক পৰিণত হ'ল নাগৰিকত্ব সংশোধনী আইনলৈ । প্ৰতিজন অসমীয়াৰ বুকুত থাকি গ'ল ক্ষোভৰ জুই । এনে এক সন্ধিক্ষণত মানৱ জাতিৰ বাবে নামি আহিল মহামাৰী । মহামাৰীয়ে ছানি ধৰিলে সমগ্ৰ বিশ্ব । এনে অৱস্থাত অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভৱিষ্যত কি হ'ব সেই লৈ ইটিভি ভাৰত অসম উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ ওচৰত ৷ বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ইটিভি ভাৰত অসমৰ আগত উল্লেখ কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ৷

অখিল গগৈ সন্দৰ্ভত অজিত ভূঞা
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক্ৰমে ঘোষণা কৰা লকডাউন আৰু এনেদৰে লকডাউনে সলনি কৰিলে স্বাভাৱিক জীৱনৰ লগতে কা আন্দোলনৰ ধাৰা । পঞ্চমটো লকডাউন অৰ্থাৎ আনলক ৱানৰ পিছৰ পৰ্য্যায়ত সাধাৰণ জীৱন সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে আৰু ইয়াৰ মাজতে কি দৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ধাৰা আগবাঢ়িব পৰৱৰ্তী পৰ্যায়ত সেয়া এক বিচাৰ্যৰ বিষয় হৈ পৰিছে । আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা বহু ব্যক্তিয়ে কি দৰে পৰৱৰ্তী পৰ্যায়ত আন্দোলক পুনৰ অব্যাহত ৰাখিব অথবা পুনৰ কি দৰে প্ৰতিবাদ কৰিব তাক লৈ জেষ্ঠ সাংবাদিক তথা, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই জনালে বহু কথা । অসমীয়াৰ বুকুত কা বিৰোধী মনোভাব বৰ্তমানেও থকাৰ লগতে পৰৱৰ্তী পৰ্যায়ত কিদৰে প্ৰতিবাদ আগবাঢ়িব সেই সম্পৰ্কত আমাক জনালে অজিত কুমাৰ ভূঞাই ৷

আনহাতে নৱ প্ৰজন্মই কেতিয়াও কা সন্দৰ্ভত কোনো কথা পাহৰি যোৱা নাই বুলি কোৱাৰ লগতে কা বিৰোধিতা মানুহৰ মাজত ধনাত্মক দেখিছে বুলি জানিবলৈ দিলে অজিত কুমাৰ ভূঞাই ।

নাগৰিকত্ব সংশোধনী আইনৰ ভৱিষ্যতক লৈ মানস ৰবীনৰ মন্তব্য

আনহাতে শিল্পী সমাজৰ হৈ সন্মুখৰ পৰা নেতৃত্ব দিয়া পৰিচালক মানস ৰবীনে কা বিৰুদ্ধে প্ৰতিবাদ ভৱিষ্যতলৈ থকাৰ লগতে অসমৰ ৰাইজৰ উৰ্ধত একো হ'ব নোৱাৰে বুলি প্ৰকাশ কৰে । কা আন্দোলৰ ধাৰা কেনেদৰে আগবাঢ়িব পৰৱৰ্তী পৰ্য্যায়ত সেয়া বর্তমানলৈ অনিশ্চয়তাৰ মাজত ৷ কিন্তু অসমৰ বাবে ৰাইজে জাতিধ্বংসী আখ্যা দিয়া এই আইন বিফল কৰাত কিদৰে পদক্ষেপ ল'ব সংগঠন আৰু ৰাইজে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ বাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.