ETV Bharat / city

ৰাণীৰ নিৰলপুৰ গাঁৱত বিষক্ৰিয়া হৈ ২৪টা শগুনৰ মৃত্যু - ৰাণীৰ শগুন গৱেষণা কেন্দ্ৰ

ৰাণীৰ নিৰলপুৰ গাঁৱত বিষক্ৰিয়া হৈ মৃত্যু ২৪ টাকৈ শগুনৰ(24 vultures die in poisoning in Kamrup rural) ৷ মৃত ছাগলী ভক্ষণ কৰি বিষক্ৰিয়া হৈ শগুনৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে ৷ আনহাতে বিষক্ৰিয়া হৈ আন ১২ টা শগুন ৰাণীৰ শগুন গৱেষণা কেন্দ্ৰত চিকিৎসাধীন হৈ মৃত্যুৰে যুঁজি আছে ।

vultures-die-by-poisoning-in-kamrup-rural
ৰাণীৰ নিৰলপুৰ গাঁৱত বিষক্ৰিয়া হৈ শগুনৰ মৃত্যু
author img

By

Published : Apr 15, 2022, 8:51 AM IST

গুৱাহাটী, 15 এপ্ৰিল : কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ৰাণীৰ নিৰলপুৰ গাঁৱত বৃহস্পতিবাৰে বিষক্ৰিয়া হৈ ২৪ টাকৈ শগুনৰ মৃত্যু হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে বিষক্ৰিয়া হৈ আন ১২ টা শগুন বৰ্তমান ৰাণীৰ শগুন গৱেষণা কেন্দ্ৰত(Vulture Conservation Breeding Centre in Rani) চিকিৎসাধীন হৈ মৃত্যুৰ সৈতে যুঁজি আছে ।

জানিব পৰা মতে, নিৰলপুৰ গাঁৱত বাটৰ কুকুৰ নিধন কৰাৰ বাবে মৃত ছাগলীৰ শৰীৰত বিষ মিহলাই দিয়া হৈছিল । এই ছাগলীকে ভক্ষণ কৰি শগুনকেইটাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিৱেশকৰ্মী প্ৰসন্ন কলিতাই কয় যে এয়া দেখাদেখিকৈ শগুন হত্যা কৰা হৈছে ।

কিছুদিন পূৰ্বেও এনেদৰে বিষ দিয়া মৰা ছাগলী খায় ১০ টা শগুনৰ মৃত্যু হৈছিল । এই ক্ষেত্ৰত বন বিভাগৰ লোকে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । উল্লেখ্য যে, শগুনে পৰিৱেশ প্ৰদূষণ মুক্ত কৰি ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে । এনেদৰে শগুন হত্যাৰ ফলত পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব । শগুনৰ সুৰক্ষাৰ বাবে বিভিন্ন আইন আছে যদিও এইবোৰ চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক : মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.