ETV Bharat / city

উত্তৰ-পূৰ্বাঞ্চলে ‘অমৃত সময়’ৰ সুবিধা লৈ সকলো সম্ভাৱনাক জাগ্ৰত কৰাটো প্ৰয়োজন : ড'নাৰ মন্ত্রী

শনিবাৰে গুৱাহাটীত আয়োজন কৰা উত্তৰ পূব পৰিষদৰ (এন ই চি) ৭০ সংখ্যক পূৰ্ণাংগ বৈঠকত অংশ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড'নাৰ মন্ত্ৰী তথা পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কেন্দ্ৰীয়মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে (70th NEC Plenary Meeting in Guwahati) ৷

author img

By

Published : Oct 8, 2022, 10:34 PM IST

Union Minister G Kishan Reddy attended 70th NEC Plenary Meeting in Guwahati
উত্তৰ-পূৰ্বাঞ্চলে ‘অমৃত সময়’ৰ সুবিধা লৈ সকলো সম্ভাৱনাক জাগ্ৰত কৰাটো প্ৰয়োজন : ড'নাৰ মন্ত্রী

গুৱাহাটী, ৮ অক্টোবৰ: 'উত্তৰ-পূৰ্বাঞ্চলে ইয়াৰ ‘অমৃত সময়’ত প্ৰৱেশ কৰিছে আৰু আমি ইয়াৰ সম্পূৰ্ণ সুবিধা লৈ বৃদ্ধি আৰু বিকাশৰ সকলো সম্ভাৱনাক জাগ্ৰত কৰাটো প্ৰয়োজন' এই মন্তব্য ড'নাৰ মন্ত্ৰী (Doner minister G Kishan Reddy) তথা পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কেন্দ্ৰীয়মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ(Union Minister G Kishan Reddy in Guwahati) ।

শনিবাৰে গুৱাহাটীৰ ‌অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ (Assam Administrative Staff College) প্ৰেক্ষাগৃহত আয়োজন কৰা উত্তৰ পূব পৰিষদৰ (এন ই চি) ৭০ সংখ্যক পূৰ্ণাংগ বৈঠকত (70th NEC Plenary Meeting in Guwahati) অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক সম্বোধন কৰি তেওঁ অঞ্চলটোৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে ভাৰত চৰকাৰে শান্তি আৰু সুস্থিৰতা প্ৰতিষ্ঠা কৰাৰ বাবে অঞ্চলটোত যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্ট সফলতাও অৰ্জন কৰিছে ।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় বিশ্বাস যে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন অবিহনে ভাৰতৰ বিকাশ হ’ব নোৱাৰে । মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক অনুপ্ৰাণিত কয় যে উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পূৰ্ণ সমন্বয়ৰ দ্বাৰাহে ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ’ব পাৰিব । কেন্দ্ৰ, ৰাজ্য, ব্যক্তিগত খণ্ডকে ধৰি সকলো অংশীদাৰে যৌথভাৱে কাম কৰি অঞ্চলটোত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাত মনোনিৱেশ কৰাটো প্ৰয়োজন বুলি তেওঁ দোহাৰে ।

তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ১০ শতাংশ জি বি এছৰ সম্পূৰ্ণ আৰু লক্ষ্যভিত্তিক ব্যৱহাৰ দ্ৰুত উন্নয়নৰ মূল চাবিকাঠি । তেওঁ লগতে ১০ শতাংশ জি বি এছ ব্যৱহাৰৰ নিয়মীয়া বিশ্লেষণ কৰিব লাগিব আৰু সেই অনুসৰি নীতিসমূহৰ পুনৰ দিশ নিৰ্ধাৰণ, তথ্যৰ সমস্যা সমাধান কৰা আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ সৈতে উপযুক্ত সমন্বয় ৰক্ষা কৰিব লাগিব বুলিও কয় । তেওঁ সকলো ৰাজ্য চৰকাৰৰ বিষয়াক সকলো বিষয় যেনে নীতি, নিৰ্দেশনা আদি সংশোধন কাৰ্যকৰী ৰূপত ব্যৱহাৰ নিশ্চিত কৰিবলৈ পৰামৰ্শ দিবলৈ আহ্বান জনায় ।

ইয়াৰলগতে কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে কয় যে শেহতীয়াকৈ গঠন কৰা কৃষি টাস্ক ফ’ৰ্চটোৱে অতি সোনকালে ইয়াৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰিব । চলিত বিত্তীয় বৰ্ষত সম্পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰিবলৈ টাস্ক ফ’ৰ্চৰ তথ্যসমূহৰ সঠিক ব্যৱহাৰ কৰিব লাগিব । মন্ত্ৰীগৰাকীয়ে লগতে 'শক্তি আৰু দুৰ্বলতা বিশ্লেষণ কৰা' আৰু 'মূল খণ্ডসমূহত ব্যৱধান চিনাক্ত কৰা'ৰ প্ৰয়োজনীয়তা আছে বুলিও পৰামৰ্শ দিয়ে ।

তাৰোপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলত যুৱক-যুৱতীসকলৰ মাজত নিয়োগ সৃষ্টিৰ বাবে নিৰাপত্তা সেৱা উদ্যোগে আগবঢ়োৱা সম্ভাৱনাৰ বিষয়েও অন্বেষণ কৰিব লাগিব বুলি পৰামৰ্শ দিয়ে । তেওঁ ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰি উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে কাম কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশ্ব বিনিয়োগকাৰী সন্মিলন আয়োজন কৰা উচিত আৰু সকলো ৰাজ্য চৰকাৰে বিনিয়োগকাৰী অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে ব্যৱস্থা হাতত ল’ব লাগিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিনিয়োগকাৰীৰ প্ৰয়োজন অনুসৰি নীতি সলনি কৰা, ভূমি বেংকসমূহ ডিজিটেলাইজ কৰা, প্লট স্তৰৰ তথ্যৰ ব্যৱস্থা, প্ৰক্ৰিয়াসমূহ সৰল কৰা, একক খিড়িকীযুক্ত অনুমোদন ব্যৱস্থা প্ৰদান কৰা, সহজে বিনিয়োগ কৰিব পৰা প্ৰকল্পৰ তথ্য প্ৰস্তুত কৰা, প্ৰতিখন ৰাজ্যত বিনিয়োগকাৰীৰ সুবিধা প্ৰদান কেন্দ্ৰ স্থাপন কৰা, বিনিয়োগ কৰা আদি বিভিন্ন ব্যৱস্থাসম্পন্ন প্ৰৱেশৰ পথ, বিদ্যুৎ সংযোগ, পানী যোগান আদিৰ দৰে আন্তঃগাঁথনি সমৰ্থন কৰাৰ ক্ষেত্ৰত কাম হাতত ল’ব লাগিব বুলিও তেওঁ লগতে কয় ।

লগতে পঢ়ক: বেলকনিত ভগৱানে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.