ETV Bharat / city

ভূপেনদাক চৰকাৰৰ অসন্মান; গোহালিঘৰত পৰিণত ভূপেন হাজৰিকা স্মৃতি মঞ্চ ! - #bjp

সুধাকন্ঠৰ প্ৰতি কিমান শ্ৰদ্ধা অসমবাসী তথা ৰাজ্য চৰকাৰৰ ? কেনে আছে সুধাকণ্ঠৰ স্মৃতি বিজড়িত চন্দ্ৰপুৰৰ তাঁতীমাৰাৰ ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চ-উদ্যান ? চাওক এই প্ৰতিবেদন...

Uncompleted Dr Bhupen hazarika mansha
ভূপেনদাক চৰকাৰৰ অসন্মান !
author img

By

Published : Sep 8, 2021, 3:28 PM IST

গুৱাহাটী, 8 ছেপ্টেম্বৰ : আজি ড৹ ভূপেন হাজৰিকাৰ 95 সংখ্যক জন্ম জয়ন্তী ৷ আজি সমগ্ৰ ৰাজ্যবাসীয়ে অসমীয়াৰ হিয়াৰ আমঠু বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সুঁৱৰিছে । ৰাজ্যৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ভূপেনদাৰ অনুৰাগীসকলে উদযাপন কৰিছে যাযাবৰী শিল্পী গৰাকীৰ জন্ম জয়ন্তী ।

ভূপেনদাক চৰকাৰৰ অসন্মান ! গোহালিঘৰত পৰিণত ভূপেন হাজৰিকা মঞ্চঘৰ

কিন্তু দুখৰ কথা যে, গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে চন্দ্ৰপুৰৰ তাঁতীমাৰাত থকা ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চ-উদ্যানখনৰ ৷ আনকি তাঁতীমাৰাত সুধাকণ্ঠৰ নামত লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এখন মঞ্চখন ৷ কিন্তু ইয়াৰো অৱস্থা এতিয়া তেনেই তথৈবচ । আনকি, মঞ্চ খনত উঠিবলৈ নাই কোনো চিৰিৰ ব্যৱস্থাও । ইফালে চাফ-চিকুনৰ অভাৱত হাবি-জংঘলেৰে আৱৰি ধৰিছে মঞ্চৰ চৌহদ ।

লগতে পঢ়ক: ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

চৰকাৰৰ অৱহেলাত অনাদৃত হৈ পৰিছে মঞ্চখন ৷ সুধাকণ্ঠৰ স্মৃতি জনগণৰ মাজত যুগমীয়া কৰাৰ বাবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বধীন তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনতে গ্ৰহণ কৰা হৈছিল এক পদক্ষেপ ৷ এই পদক্ষেপৰ অংশ স্বৰূপে বিশ্ববন্দিত শিল্পীগৰাকীৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত স্থাপন কৰা হৈছিল স্মৃতি সৌধ নতুবা মুকলি মঞ্চ ৷ কিন্তু দুখৰ কথা যে, এই সমূহৰ অধিকাংশই এতিয়া চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে অনাদৃত তথা অৱহেলিত ৷

লগতে পঢ়ক: ভূপেন হাজৰিকাৰ কুঠৰীৰ ঘৰখনেৰে বিশেষ সম্পৰ্ক থকা এজন ব্যক্তি...

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ সময়ত ২০১৩-১৪ বিত্তীয় বৰ্ষত ৰাজ্যৰ কেইবাটাও স্থানৰ লগতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ তাঁতীমাৰাতো ডঃ ভূপেন হাজৰিকাৰ নামত মুকলি মঞ্চ আৰু উদ্যানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । সেই অনুসৰিয়েই চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অধীনত তাঁতীমাৰাত প্ৰায় চাৰে তিনি বিঘা ভূমিত ভূপেনদাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ অৰ্থে আৰম্ভ কৰা হৈছিল 25 লাখ টকাৰ এই অভিলাষী প্ৰকল্পৰ কাম ।

কিন্তু অতি ৰহস্যজনকভাৱে এই প্ৰকল্পৰ বাবে প্ৰায় চাৰে চাৰি লাখ টকা ব্যয় কৰাৰ পিছতেই বন্ধ হৈ পৰে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ৷ বহু স্মৃতি বিজড়িত যাযাবৰী শিল্পীগৰাকীক অসমবাসীৰ মাজত জীয়াই ৰাখিবলৈ কেইবাটাও দল-সংগঠনৰ লগতে চন্দ্ৰপুৰবাসী ৰাইজেও বৰ্তমানৰ চৰকাৰ খনৰ হস্তক্ষেপ বিচৰিছে ৷

লগতে পঢ়ক: অসম ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.