ETV Bharat / city

Royal Bengal Cubs Born: চিৰিয়াখানাত নতুন আলহী

author img

By

Published : Feb 7, 2022, 10:54 PM IST

Updated : Feb 8, 2022, 1:25 PM IST

অসম ৰাজ্যিক চিৰিয়াখানাত সম্প্ৰতি উখল-মাখল পৰিৱেশ ৷ কিহৰ কাৰণে এই আনন্দমুখৰ পৰিৱেশ জানিবলৈ পঢ়ক সবিশেষ...

assam-state-zoo-gets-two-royal-bengal-tiger-cubs
চিৰিয়াখানাত নতুন আলহী

গুৱাহাটী , 7 ফেব্ৰুৱাৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল এটি সুখবৰ ৷ ফাগুনৰ আগমনৰ সমান্তৰালকৈ গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানালৈ আগমন ঘটিল দুটা নতুন আলহীৰ ৷ লগে লগে চিৰিয়াখানা কৰ্তৃপক্ষই আনন্দত ৰাজহুৱা কৰিলে এই ভাল খবৰটি ৷ চিৰিয়াখানাৰ কাজী নামৰ মাইকী ঢেকীয়াপতিয়া বাঘজনীয়ে জন্ম দিছে দুটাকৈ পোৱালী (Assam State Zoo gets two Royal Bengal Tiger cubs ) ৷

এই নতুন অতিথিৰ আগমনৰ লগে লগে উৎফুল্লিত হৈ উঠিছে চিৰিয়াখানা কৰ্তৃপক্ষ আৰু বনকর্মীসকল ৷ বিগত 3 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 2.30 বজাত দুটাকৈ পোৱালি জন্ম দি দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ গৌৰৱ লাভ কৰে কাজী নামৰ মাইকী ঢেকীয়াপতীয়া বাঘজনীয়ে ।

চিৰিয়াখানাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, এইপৰ্যন্ত সম্পূৰ্ণ সুস্থ অৱস্থাত আছে পোৱালি দুটাৰ লগতে কাজী নামৰ ঢেকীয়াপতিয়া বাঘজনী । জানিব পৰা মতে, অসম ৰাজ্যিক চিৰিয়াখানাত নতুনকৈ দুটা ঢেকীয়াপতীয়া বাঘৰ পোৱালি জন্ম লাভ কৰাত চিৰিয়াখানাত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা 9 টালৈ বৃদ্ধি পালে (Royal Bengal tiger population in the zoo has gone up to 9) ।

পিছে কাজিয়ে জন্ম দিয়া পোৱালী দুটা মতা নে মাইকী বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, ইয়াৰপূৰ্বে চিৰিয়াখানাত থকা কাজী নামৰ মাইকী ঢেকীয়াপতীয়া বাঘজনীয়ে জন্ম দিছিল চুলতান আৰু সুৰেশ নামৰ দুটাকৈ পোৱালি । ইয়াৰোপৰি, অসম ৰাজ্যিক চিৰিয়াখানাত আছে দুটাকৈ বগা ঢেকীয়াপতীয়া বাঘ ।

লগতে পঢ়ক : Rajya Sabha Election: আজমলক সাক্ষাৎ কৰিলে দেৱব্ৰত শইকীয়াই

Last Updated : Feb 8, 2022, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.