গুৱাহাটী, 11 ছেপ্টেম্বৰঃ গুৱাহাটীৰ মাজমজিয়াত বুধবাৰে সংঘটিত হ'ল এক ভয়ংকৰ কাণ্ড । ছয়মাইলৰ উৰণীয়া সেঁতুৰ কাষতে কাম কৰি থকা অৱস্থাত বৈদ্যুতিক তাঁৰত লাগি গুৰুতৰভাৱে আহত হয় দুগৰাকীকৈ মিস্ত্ৰী ৷ উৰণীয়া সেঁতুৰ নিচেই কাষতে লাগি থকা বৰ্মন এন্টাৰপ্ৰাইজ নামৰ এটা অট্টালিকাৰ তৃতীয় মহলাৰ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত পথৰ কাষেৰে যোৱা ৩৩ হাজাৰ ভল্টৰ উচ্চ প্ৰবাহিত বিদ্যুতৰ তাঁৰত লাগি আঘাতপ্ৰাপ্ত হয় লোক দুজন ৷
ইয়াৰে গুৰুতৰভাৱে আহত ছাহদেব শ্বেখক সংকটজনক অৱস্থাত ১০৮ এম্বুলেন্সেযোগে নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । আহত মিস্ত্ৰী ছাহদেব শ্বেখৰ ঘৰ মানকাছাৰ চৰ কাছাৰীপাৰা, আনজন হাফিজ শ্বেখৰ ঘৰ মহানগৰীৰ শান্তিপুৰত বুলি জানিব পৰা গৈছে ৷