গুৱাহাটী,18জুলাইঃ বৃহস্পতিবাৰে গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে নিয়মীয়া তালাচীত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । মহিলা দুগৰাকীৰ নাম ক্ৰমে চুমা পল আৰু সংগীতা মোডাক । আৰক্ষীয়ে মহিলা দুগৰাকীৰ পৰা 35 পেকেট নিচাজাতীয় টেবলেট জব্দ কৰে । 35 টা পেকেটত সৰ্বমুঠ আছিল 341000 টেবলেট ।
জানিব পৰা অনুসৰি উক্ত ডিমাপুৰৰ পৰা অনা টেবলেট সমূহ পশ্চিমবংগৰ অলিপুৰদুৱাৰ হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল । এই দুগৰাকী মহিলাৰ লগত থকা আন এজন পুৰুষ এইচ এ লস্কৰক সম্প্ৰতি বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।