ETV Bharat / city

Tribute to Giripad Dev Chaudhary : শনিবাৰে গুৱাহাটীৰ লগতে সমগ্ৰ অসমত বন্ধ থাকিল কিতাপৰ বিপণী - Tribute to Giripad Dev Chaudhary

বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱ চৌধুৰীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন (Tribute to Giripad Dev Chaudhary) ৷ ২২ নৱেম্বৰত পানবজাৰৰ প্ৰতিখন গ্ৰন্থ বিপণীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বিশিষ্ট প্রকাশক তথা লেখকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ অসম পুথি প্ৰকাশক তথা বিক্রেতা সন্থাই ৷

Book outlets remained closed in Guwahati as well as across Assam on Saturday
শনিবাৰে গুৱাহাটীৰ লগতে সমগ্ৰ অসমত বন্ধ থাকিল কিতাপৰ বিপনী
author img

By

Published : Nov 21, 2021, 1:33 PM IST

গুৱাহাটী, 21 নৱেম্বৰ : পাণবজাৰ(Panbazar)ৰ 'মামাৰ' মৃত্যুত শনিবাৰৰ দিনটোত গুৱাহাটীৰ লগতে সমগ্ৰ অসমত বন্ধ ৰখা হ'ল কিতাপৰ বিপণী ৷ ৰাজ্যৰ বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱ চৌধুৰীৰ (Giripad Dev Chaudhary) মৃত্যুত শনিবাৰৰ দিনটোত পানবজাৰৰ লগতে সমগ্ৰ অসমত ৰখা হ'ল গ্ৰন্থ বিপণীসমূহ ৷ ক'ৰনাত আক্ৰান্ত হৈ শুকুৰবাৰে শেষ নিঃশ্বাস ত্যাগ কৰে পানবজাৰৰ 'মামা' ৰূপে খ্যাত বিশিষ্ট প্রকাশক তথা লেখকগৰাকীয়ে ।

সদৌ অসম পুথি প্ৰকাশক তথা বিক্রেতা সন্থাৰ প্ৰাক্তন সভাপতি আছিল গিৰিপদ দেৱ চৌধুৰী । শনিবাৰে সন্থাৰ কাৰ্যালয়ত অভিভাৱক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলনেৰে শেষ শ্ৰদ্ধাঁঞ্জলি জনাই । অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনা, লগতে আগশাৰীৰ বাণী প্ৰকাশন গোষ্ঠীৰ প্ৰতিষ্ঠাপক স্বত্বাধিকাৰী আছিল চৌধুৰী ।

2001-2011 চনলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিশিষ্ট লেখকগৰাকীয়ে ৷ সন্থাই অভিভাৱক সদৃশ চৌধুৰীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে ২২ নবেম্বৰত পানবজাৰৰ প্ৰতিখন গ্ৰন্থ বিপণীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি ২২ নবেম্বৰত পানবজাৰৰ প্ৰতিখন গ্ৰন্থ বিপনী সন্মুখত বন্তি প্ৰজ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷

লগতে পঢ়ক : NEET Result : বিলাসীপাৰাত দুই মেধাৱীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.