ETV Bharat / city

ৰাজপথত নমাৰ হুংকাৰ প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম সন্থাৰ - ব্যক্তিগত নাৰ্চিহোম

চৰকাৰক আলোচনাৰ বাবে ২৫ নৱেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত এ এন এমৰ সন্থাই ৷ অন্যথা 29 নৱেম্বৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ সন্থাৰ ৷

trained ANM organization says it will go for strike if their demand remains unheard
ৰাজপথত নমাৰ হুংকাৰ প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম সন্থাৰ
author img

By

Published : Nov 19, 2021, 10:41 PM IST

গুৱাহাটী, ১৯ নৱেম্বৰৰ : এইবাৰ ৰাজপথত প্ৰতিবাদ কৰাৰ হুংকাৰ দিলে প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম সন্থাই ৷ চৰকাৰে ২৫ নৱেম্বৰৰ ভিতৰত দাবী সম্পৰ্কে আলোচনা নকৰিলে ২৯ নৱেম্বৰত দিছপুৰ লাষ্টগেটত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত এ এন এমৰ সন্থাৰ ৷

প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম নাৰ্চসকলৰ বাবে নতুন পদ মুকলি কৰি নিযুক্তিৰ ব্যৱস্থা কৰা, চলিত বৰ্ষৰ ১০ জানুৱাৰীত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, এ এন এমসকলৰ নিযুক্তি নিদিয়ালৈকে নতুন প্ৰশিক্ষণ পাঠ্যক্ৰম বন্ধ ৰখা, নিযুক্তিৰ সময়ত বয়সৰ উৰ্দ্ধসীমা ৰেহাই দিয়া, ব্যক্তিগত নাৰ্চিহোমত কৰ্মৰত এ এন এমসকলক নুন্যতম মজুৰি আইনৰ অধীনত দৰমহা প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ কথা জানিবলৈ দিয়ে সন্থাটোৰ সভানেত্ৰী জ্যোৎস্না বেগম আৰু সম্পাদিকা ৰাখী সিনহাই ৷

তেওঁলোকে লগতে এই দাবী সম্পৰ্কে চৰকাৰে ২৫ নৱেম্বৰৰ ভিতৰত আলোচনা নকৰিলে ২৯ নৱেম্বৰত দিনৰ ১১ বজাত দিছপুৰ লাষ্টগেটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ কথা এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম সন্থাৰ নেতৃত্বই ৷

লগতে পঢ়ক : National Liberation Front of Tripura ৰ উগ্ৰপন্থী পৰিল আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.