ETV Bharat / city

3 বজাৰ দহটা শীৰ্ষ খবৰ - undefined

3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ
3 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Aug 3, 2021, 3:05 PM IST

ত্ৰিপুৰাৰ ইণ্ডো-বাংলা সীমান্তত শ্বহীদ বৰণ কৰিলে দুজন বিএছএফ জোৱানে

দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত থকা দুজন সৈনিকে ইণ্ডো-বাংলা সীমান্তত শ্বহীদ বৰণ কৰিছে । সন্দেহযুক্ত এনএলএফটি(NLFT) উগ্ৰপন্থী আৰু কৰ্তব্যৰত অৱস্থাত থকা বিএছএফ জোৱানসকলৰ মাজত হোৱা এই গুলীচালনাৰ সময়ত এজন উপ-পৰিদৰ্শকসহ দুজন বিএছএফৰ এজন জোৱান শ্বহীদ হয় ।

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

৫৭,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে আৰু ২ লাখতকৈ অধিক প্ৰাৰ্থীয়ে ৯০ ৰ পৰা ৯৫ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিছে । এইবাৰ পৰীক্ষাত প্ৰায় ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । লক্ষণীয়ভাৱে এইবাৰ ল'ৰাতকৈ ছোৱালী শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ০.৩৫ শতাংশ বেছি ।

গাভৰু নৈৰ বলুকা ৰাশিত জিলিকিছে লাভলীনা বৰগোঁহাই

লাভলীনাৰ সাফল্যত উল্লাসিত সকলো ৷ কোনোৱে যদি হাতৰ তলুৱাত আঁকিছে লাভলীনাক, আন কোনোৱে আকৌ নিজ নিজ চ’ছিয়েল মিডিয়া একাউন্টৰ দ্বাৰা লাভলীনাক জনাইছে শুভেচ্ছা ৷ কিন্তু তাৰ মাজতে ব্যতিক্ৰমী প্ৰয়াস চলাইছে এগৰাকী যুৱকে ৷ লাভলীনাক শুভেচ্ছা জনাবলৈ গাভৰু নদীৰ পাৰ পালেগৈ যুৱকজন ৷

জয়-পৰাজয় জীৱনৰ অংশ: পুৰুষ হকী দলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোডীৰ টুইট

অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ মাজত হ'বলগীয়া পৰৱৰ্তী চেমিফাইনেলত যিটো দল পৰাজিত হ'ব সেই দলটোৰ সৈতে ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো ।

জুলাই মাহত গুৱাহাটীত জেলত সোমাল 31 গৰাকী

কামৰূপ জিলাখনত জুলাই মাহত এক বিশেষ বিষয়ক অপৰাধত ৰুজু হৈছে 210 টা গোচৰ ৷ কাৰাগৰলৈ গৈছে 31 গৰাকী লোক ৷ কিন্তু কি এই বিশেষ বিষয়ক অপৰাধ ?

লাভলীনাৰ জীৱনৰ জনা-নজনা কিছু কথা

বুধবাৰে, টকিঅ’ অলিম্পিকৰ 69 কিলোগ্ৰাম শাখাৰ বক্সিঙত ছেমিফাইনেলত তুৰ্কীৰ বক্সাৰ বুচেনাছ চাৰমেনেলী(Busenaz Surmeneli)ৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা । এই সময়তে সংবাদ-মাধ্যমৰ সমুখত বক্সাৰ গৰাকীৰ অতীতৰ আৰু বৰ্তমানৰ বহু নজনা দিশ উন্মোচন কৰে তেওঁৰ সৈতে ঘনিষ্ঠ একাংশ লোকে ৷
অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ

মঙলবাৰে টকিঅ’ অলিম্পিকৰ (Tokyo Olympics) পুৰুষ হকীৰ ছেমি ফাইনেলত বেলজিয়ামৰ হাতত 5-2ৰ ব্যৱধানত পৰাজিত হ’ল ভাৰতৰ ৷

লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক ২০১৭ চনৰ পহিলা আগষ্টত দিন-দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ইয়াৰ পাছতে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমে এচ আই টি (SIT)ক আৰু পিছলৈ চিবিআইক গোচৰটো তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল ৷

মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদানৰ দাবী মিচিং সাহিত্য সভাৰ

মিচিং জনগোষ্ঠীয় ভাষা সন্দৰ্ভত জোনাই মিচিং সাহিত্য সভাই সোমবাৰে অনুষ্ঠিত কৰে এখন বিশেষ সভা ৷ সভাখনত মিচিং সকলৰ কেইবাটাও দাবীৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

৯ আগষ্টত UNSCৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

৯ আগষ্টত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ভাৰতে ১ জানুৱাৰীত ইউএনএছচি (UNSC)ৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে দুবছৰীয়া কাৰ্যকাল আৰম্ভ কৰিছিল ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.