ETV Bharat / city

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ - TOP 10 AT 11 AM

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ

TOP 10 AT 11 AM
দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ
author img

By

Published : Dec 29, 2020, 11:12 AM IST

প্ৰতিষেধক 'Pneumosil' মুকলি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

দেশৰ প্ৰথমটো pneumococcal conjugate প্ৰতিষেধক 'Pneumosil' মুকলি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷ ছিৰাম ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (SIIPL) বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেছনৰ সহযোগিতাত প্ৰস্তুত কৰি উলিয়াইছে এই প্ৰতিষেধক ৷

AUS বনাম IND দ্বিতীয় টেষ্ট : 8 উইকেটত জয় সাব্যস্ত ভাৰতৰ

বক্সিং ডে টেষ্টত ভাৰতৰ জয় ৷ 8 উইকেটত জয় সাব্যস্ত ভাৰতৰ ৷

ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই

কঠোৰ শাৰীৰিক পৰিশ্ৰম আৰু অধ্যৱসায় জৰিয়তে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম অন্তভুক্তি কৰিলে টীয়কৰ পদ্মনাভ বনিয়াই ৷ প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ পদ্মনাভৰ ঘৰ যোৰহাট জিলাৰ টীয়কৰ 4 নং ৱাৰ্ডত ৷

মঙলবাৰে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব প্ৰধান মন্ত্ৰীয়ে

ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ (EDFC) ৰ 'নিউ ভাউপুৰ-নিউ খুৰ্জা অংশ' মঙলবাৰে উদ্বোধন কৰা হ'ব ৷ মঙলবাৰে পুৱা 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব ৷

বিখ্যাত বাহন ডিজাইনাৰ দিলীপ ছাব্ৰিয়াক আটক

মুম্বাই আৰক্ষীয়ে সোমবাৰে বিখ্যাত বাহন ডিজাইনাৰ দিলীপ ছাব্ৰিয়াক আটক কৰে ৷ বাহন ডিজাইনাৰ দিলীপ ছাব্ৰিয়াৰ বিৰুদ্ধে থকা ঠগ প্ৰৱঞ্চনা আৰু জালিয়াতিৰ গোচৰত আটক কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷

ধৰ্ষণৰ বলি হোৱা 12 বছৰীয়া কিশোৰীৰ সন্তান জন্ম

ষষ্ঠ শ্ৰেণীৰ এগৰাকী কিশোৰীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান ৷ কিশোৰীগৰাকী 9 মাহ পূৰ্বে ধৰ্ষণৰ বলি হৈছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পাচতে POCSO আইনৰ অধীনত অভিযুক্তক আটক ৷

ভাৰতীয় ৰে'লৱে মুকলি কৰিলে Hospital Management Information System (HMIS)

ৰে'লৱে কৰ্মচাৰী সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰে'লৱে আনুষ্ঠানিকভাৱে মুকলি কৰিলে Hospital Management Information System (HMIS) আৰু এটা মবাইল এপ ৷ সোমবাৰে এক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে ৰে'লৱে বৰ্ডৰ চেয়াৰমেন বিনোদ কুমাৰ যাদবে ৷

ৰাজ্যত মাদ্ৰাছা বন্ধৰ বাবে বিধানসভাত উত্থাপন বিধেয়ক

বিধানসভাত এক হুলস্থুলীয়া পৰিস্থিতিৰ মাজত উত্থাপিত হয় "দ্য আছাম ৰিপিলিং বিল ২০২০" । বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্থাপন কৰা এই বিধেয়কখন গৃহিত হ'লে অসমত মাদ্ৰাছা শিক্ষা সঞ্চালকালয় বন্ধ হৈ পৰিব ৷

136 বছৰীয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ 136 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই দলীয় পতাকা উত্তোলন কৰি শপত বাক্য পাঠ কৰাই কংগ্ৰেছ কৰ্মীসকলক ৷

দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল

এইবেলি বাতিল হৈছে চিৰাঙৰ দৈজিং মহোৎসৱৰ কাৰ্যসূচী ৷ কোভিড 19 তথা বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয় প্ৰতিবছৰে অনুষ্ঠিত বাৰেৰহণীয়া দৈজিং মহোৎসৱ ৷ দৈজিং মহোৎসৱ বাতিল হোৱাত স্থানীয় লোকে বছৰৰ শেষত পিকনিক খোৱাৰ বাবে নিৰ্বাচন কৰে আই নদীৰ পাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.