ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Sep 29, 2020, 11:06 AM IST

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

আটক হ’ল মহম্মদ আলী হত্যাকাণ্ডৰ পাঁচ অভিযুক্ত

দলগাঁৱৰ মহম্মদ আলী হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচ হত্যাকাৰীক আটক শ্যামপুৰ আৰক্ষীৰ ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই আত্মগোপন কৰি আছিল দলটো ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি

এঙাৰেৰে ছবি আঁকি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান পালে আমগুৰিৰ যুৱকে ৷ ৭.১ ফুট দীঘল আৰু ৫.৬ ফুট বহল কাগজত এঙাৰেৰে ১১ মিনিটত হৰিণাৰ ছবি আঁকি গঢ়িলে এই ৰেকৰ্ড ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি, ক'ভিড-19 ৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ বৈঠক ৷

আইপিএল 2020 : মুম্বাইৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় সাব্যস্ত বেংগালুৰৰ

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে সাব্যস্ত কৰিছে ৰোমাঞ্চকৰ জয় ৷ ছুপাৰ অ'ভাৰৰ জৰিয়তে জয় লাভ বিৰাট কোহলী নেতৃত্বাধীন বেংগালুৰ দলৰ ৷

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দেহাৱসান

অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী তথা দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা ছৈয়দা আনোৱাৰা টাইমূৰৰ দেহাৱসান ৷ সোমবাৰে অষ্ট্ৰেলিয়াস্থিত পুত্ৰৰ বাসগৃহত বাৰ্ঢক্যজনিত কাৰণত মৃত্যু হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷

আনুষ্ঠানিক স্বীকৃতি বিটিআৰলৈ

ইতিহাসত পৰিণত হ'ল বিটিচি ৷ বিটিচিৰ নতুন নাম হ'লগৈ বিটিআৰ ৷ বিটিচি চুক্তি কাৰ্যকৰী কৰাৰ সূত্ৰে এই নতুন নাম প্ৰযোজ্য কৰা হৈছে ৷ এবছুৰে সৈতে স্বাক্ষৰিত হৈছিল এই চুক্তি ৷

হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

বিগত এমাহত ভাৰতীয় স্থলসেনাত কৰ্ণেল আৰু লেফ. কৰ্ণেল পদবীত কৰ্মৰত হৈ থকা ছগৰাকী বিষয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ লক্ষণীয় কথাটো হৈছে এই আটাইকেইগৰাকী বিষয়া শাৰিৰীকভাৱে স্বাস্থ্যৱান আছিল আৰু তেওঁলোকৰ বয়স 40-54 বছৰৰ ভিতৰত আছিল ৷

আৰক্ষী নিযুক্ত পৰিষদৰ নতুন অধ্যক্ষ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

নিযুক্তি কেলেংকাৰীয়ে বাৰুকৈয়ে জোঁকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি পৰিষদৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহন্তক এই গুৰু দায়িত্বভাৰ অৰ্পণ কৰে ।

ডিব্ৰুগড় আৰক্ষীৰ জালত দুই আদিবাসী টাইগাৰ ফ’ৰ্চৰ কেডাৰ

সোমবাৰে ডিব্ৰুগড়ৰ শিয়ালকাটি চাহ বাগিচাৰ পৰা গোপন সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে ‘‘আদিবাসী টাইগাৰ ফ’ৰ্চ’’ৰ দুই কেডাৰ ৷ শীঘ্ৰেই সংগঠনটোৰ আন বহু সদস্য জালত পৰিব বুলি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ৷

লামডিঙত উপবন উন্মোচন বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

সোমবাৰে লামডিঙত উপস্থিত হৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত পকী দলঙৰ সন্মুখত থকা বন বিভাগৰ সাহিত্য মনিষী উপবনখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ পৰিবেশ, বন, আবকাৰী আৰু মীন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.