ETV Bharat / city

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Aug 16, 2020, 11:07 AM IST

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

1. দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী ৷ মৃত্যুৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱাৰা হয় দেশৰ অন্যতম সফল প্ৰধানমন্ত্ৰীগৰাকীক ৷

2. 'স্কীপাৰ' ধোনীৰ বাবে আবেগিক নোট বিৰাট কোহলীৰ
ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে শনিবাৰে 'স্কীপাৰ' মহেন্দ্ৰ সিং ধোনীৰ বাবে এক সুন্দৰ আৱেগিক নোট লিখি চ'ছিয়েল মিডিয়াৰ জৰিয়তে পোষ্ট কৰে ৷ শনিবাৰে ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ৷

3. শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন সীমান্ত সুৰক্ষা বাহিনীৰ

দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নং বেটেলিয়নে জিলাখনৰ ডাকবাংলা ৰোডৰ ভাৰত-বাংলা সীমান্তৰ কুঁশিয়াৰা নৈৰ পাৰত অৱস্থিত বিসৰ্জন ঘাটত থকা মেজৰ চমনলাল আৰু বিএছএফৰ এছআই গুৰুঙৰ স্মৃতিসৌধত মাল্যাৰ্পণ কৰি সামৰিক অভিবাদন জ্ঞাপন কৰে ৷

4. আজাদ ভৱনত বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে

দিল্লীৰ আজাদ ভৱনৰ ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিৰ্মূৰ্তি ভাৰ্চুৱেলী উন্মোচন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি. মুৰলীধৰণ আৰু ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সভাপতি ড৹ বিনয় সহস্ৰবুদ্ধেৰ উপস্থিতিত দিনৰ 11 বজাত প্ৰতিমূৰ্তিটো উদ্বোধন কৰা হ‘ব ৷

5. স্বাধীনতা দিৱসৰ নিশা ধুবুৰীৰ ভিন্ন স্থানত আৰক্ষীৰ অভিযান

স্বাধীনতা দিৱসৰ নিশা আৰক্ষীৰ কেইবাটাও পৃথক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু চোকা অস্ত্ৰ । ঘটনা সন্দৰ্ভত আটক কৰা হৈছে মহিলা সহ সাতজন ।

6. ধন দাবীৰ অভিযোগত আটক জাতীয় সংগঠনৰ নেতা-সদস্য

জাতীয় সংগঠনৰ পৰিচয় দিয়া ডিব্ৰুগড়ৰ কেইটামান সংগঠনৰ কৰ্মকতাই ১২ আগষ্টত ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় ডামানিছ নাৰ্চিং হোমৰ বিৰুদ্ধে নিয়ম অনুসৰণ নকৰাৰ বিভিন্ন অভিযোগ তুলি ১০ লাখ টকা দাবী কৰা লগতে ৯০,০০০ হাজাৰ টকা নগদ সংগ্ৰহ কৰে । মালিক পক্ষই দিয়া এক গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে ছজনক ৷

7. একেটা ভেটিতে জাতীয় পতাকাৰ সৈতে উৰিল বিজেপিৰ পতাকা

বিলাসীপাৰাৰ ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপিৰ কাৰ্যালয়ত পতাকা উত্তোলনৰ সময়তেই দেখা দিয়ে এক বিসংগতিয়ে ৷ ত্ৰিৰংগা পতাকাৰ সৈতে একেলগে উত্তোলন কৰা হয় বিজেপিৰ দলীয় পতাকা ৷

8. তেলেংগানাত হাই এলাৰ্ট জাৰী : বানসদৃশ পৰিস্থিতি

বিগত কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ বাবেই বাঢ়নী পানীয়ে প্লাবিত কৰিছে তেলেংগানাৰ কেইবাটাও অঞ্চল ৷ বানত ডুব যোৱা অঞ্চলৰ পৰা ভুক্তভোগীক উদ্ধাৰ কৰি শিৱিৰলৈ প্ৰেৰণ ৷ আনহাতে, বান পৰিস্থিতিক লৈ শনিবাৰে মুখ্যমন্ত্ৰী কে. চন্দ্ৰচেখৰ ৰাওৰ নেতৃত্বত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠক ৷

9. অৰুণাচলৰ চাংলাঙত আটক দুধৰ্ষ NSCN(K-YA) ৰ কেডাৰ

২০১১ চনৰ পৰা নিষিদ্ধ NSCN(K-YA) সংগঠনৰ বাবে কাম কৰি থকাৰ লগতে বিভিন্ন সময়ত ধন দাবী, অপহৰণ আদিৰ সৈতে জড়িত থকা কেডাৰ আইহ কন্যাক গ্ৰেপ্তাৰ ৷

10. ত্ৰিপুৰাত দুই ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ

ত্ৰিপুৰাৰ তৈদু এলেকাত স্বাধীনতা দিৱসৰ দিনা চৰম উত্তেজনা । ত্ৰিপুৰাত দুই ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ । অভিযোগ অনুসৰি আইপিএফটিৰ সমৰ্থকে ভাঙিলে বিজেপিৰ দলীয় কাৰ্যালয় । উভয় পক্ষৰ মাজত শিলগুটি-ধনুকাৰ নিক্ষেপ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.