ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 18, 2021, 1:02 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

আজি ধেমাজিত চাইকেল ৰেলীত অংশ ল'লে মন্ত্ৰী হিমন্তই

ধেমাজি জিলাৰ ঐতিহ্যমণ্ডিত ৰংছটিওৱা পথাৰত সোমবাৰে এক চাইকেল ৰেলীত অংশ লয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ঐতিহ্যমণ্ডিত ৰংছটিওৱা পথাৰৰ পৰা কুমটীয়ালৈ এই চাইকেল ৰেলী উলিয়াই মন্ত্ৰীগৰাকীয়ে ৷

39নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত এটা নাহৰফুটুকী

আজি পুৱাৰ ভাগত গোলাঘাটৰ থুৰামুখ তিনিআলিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত হয় এটা নাহৰফুটুকী ৷ বন বিভাগৰ লোক ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃত নাহৰফুটুকীটোক ৷

শ্ৰীকৃষ্ণ জন্মভূমিক লৈ মথুৰা আদালতত শুনানি আৰম্ভ

13.37 একৰ শ্ৰীকৃষ্ণ জন্মভূমি মাটি বিবাদৰ গোচৰৰ শুনানি অনুষ্ঠিত হ’ব মথুৰাৰ এখন আদালতত ৷ সোমবাৰে এই শুনানি অনুষ্ঠিত হ’ব ৷

21 জানুৱাৰীত ঘেৰাও কৰিব তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ঃ TMPK

20 জানুৱাৰীৰ মাজনিশালৈকে চৰকাৰে লাইকা দধিয়াবাসীক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে 21 তাৰিখে তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ TMPK ৰ ৷ ইটিভি ভাৰতৰ আগত এই ঘোষণা কৰিলে TMPKৰ সহকাৰী সাধাৰণ সম্পাদক অজয় দলেয়ে ৷

ধুবুৰীত ম'ৰেল পুলিচৰ ঘটনাঃ হাত ভৰি বান্ধি অত্যাচাৰ

ধুবুৰীত সংঘটিত হৈছে ম'ৰেল পুলিচৰ ঘটনা ৷ ম'ৰেল পুলিচৰ বলি হ'ল ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশৰ সীমান্ত অঞ্চলৰ পশ্চিম গাইখোৱাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰফিকুল মণ্ডল নামৰ এজন লোক ৷ হাত ভৰি বান্ধি অত্যাচাৰ চলোৱাৰ লগতে হত্যাৰ চেষ্টা ৰফিকুল মণ্ডলক ৷

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

চিৰাঙৰ বিজনীৰ 1 নং বিষ্ণুপুৰত হাতী-মানুহৰ সংঘাত ৷ বন্যহস্তীৰ আক্ৰমণত নিহত এজন ।

সত্যৰঞ্জন বৰা নৰ্দমাৰ কীট : ড৹ হাফিজ ৰফিকুল ইছলাম

দেওবাৰে বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তর্গত ৬৩ নং শওঁপুৰ গাঁও পঞ্চায়তৰ টি.এন.ডি বজাৰত এ আই ইউ ডিএফৰ সাধাৰণ সভাৰ আয়োজন ৷ সাধাৰণ তথা যোগদান সভাত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে নৰ্মদাৰ কীট বুলি মন্তব্য কৰে ৷

গোলাম মুস্তাফা খানৰ মৃত্যুত শোক প্ৰকাশ দেশৰ সংগীত জগতৰ

গোলাম মুস্তাফা খানৰ ইহলীলা সম্বৰণ ৷ 89 বছৰ বয়সত বান্দ্ৰাস্থিত বাসগৃহত মৃত্যু খানৰ ৷ লতা মংগেশকাৰ,এ আৰ ৰহমান, আমজাদ আলিৰ দৰে মহান শিল্পীসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

মোৰাদাবাদত ক'ভিড টীকাকৰণ লাভৰ 24 ঘন্টাৰ ভিতৰত ৱাৰ্ড বয়ৰ মৃত্যু

মোৰাদাবাদত ক'ভিড টীকাকৰণ লাভৰ 24 ঘন্টাৰ ভিতৰত ৱাৰ্ড বয়ৰ মৃত্যু ৷ মৃত ৱাৰ্ড বয়জন মহিপাল ৷

মুম্বাইত বাৰ্ড ফ্লু'ৰ আতংক : 24 ঘন্টাত মৃত্যু 214 পক্ষী

মহাৰাষ্ট্ৰত বাৰ্ড ফ্লু'ৰ আতংক ৷ মুম্বাইত 7 দিনত মৃত্যু 1296 পক্ষীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.