ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Dec 29, 2020, 1:12 PM IST

অসমত দ্বিতীয় দিনা আৰম্ভ হৈছে ক'ৰণা প্ৰতিষেধকৰ পৰীক্ষণ

দেশৰ চাৰিখন ৰাজ্যৰ ভিতৰত অসমটো সোমবাৰৰ পৰা আৰম্ভ হৈছে কৰ'ণা প্ৰতিষেধকৰ পৰীক্ষণ প্ৰক্ৰিয়া ৷ নলবাৰী আৰু শোণিতপুৰ জিলাত দ্বিতীয় দিনাৰ বাবে আৰম্ভ হৈছে এই পৰীক্ষণ ৷ নলবাৰী জিলাত ৫৬৭১ গৰাকী লোকক প্ৰথম পৰ্যায়ত কৰ'ণা ভেকচিন প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

30 ডিচেম্বৰত চৰকাৰৰ সৈতে বৈঠকত মিলিত হ’ব কৃষক

30 ডিচেম্বৰত নতুন কৃষি আইন সম্পৰ্কত আলোচনাৰ বাবে চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বৈঠকৰ প্ৰস্তাৱত সন্মতি আগবঢ়াইছে প্ৰতিবাদী কৃষকসকলে ৷

ৰাজনৈতিক দল গঠন নকৰে অভিনেতা ৰজনীকান্তে

অভিনেতা ৰজনীকান্তৰ ইউ টাৰ্ণ ৷ ৰাজনৈতিক দল তৈয়াৰ নকৰাৰ সিদ্ধান্ত ৰজনীকান্তৰ ৷ মঙলবাৰে অভিনেতা গৰাকীয়ে এই কথা ঘোষণা কৰে ৷ স্বাস্থ্যজনিত কাৰণত ৰাদজনৈতিক দল গঠন নকৰাৰ সিদ্ধান্ত অভিনেতা গৰাকীৰ ৷

ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ

প্ৰমোদ ভ্ৰমণৰ উদ্দেশ্যৰে অসমত উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে উপস্থিত হৈছে ইখনৰ পৰা সিখনকৈ অসমৰ পৰ্যটনস্থলীত ৷

AUS বনাম IND দ্বিতীয় টেষ্ট : 8 উইকেটত জয় সাব্যস্ত ভাৰতৰ

বক্সিং ডে টেষ্টত 8 উইকেটত জয় সাব্যস্ত কৰি 4 খনীয়া টেষ্ট শৃংখলাত 1-1 ত সমতা স্থাপন ভাৰতীয় দলৰ ৷ আজিংকা ৰাহানে নেতৃত্বাধীন ভাৰতীয় দলে জয়ৰ বাবে প্ৰয়োজন হোৱা 70 ৰাণ দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৷

হোৱাইট হাউছৰ ডিজিটেল টীমত ভাৰতৰ আয়েশা শ্বাহ

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ ডিজিটেল টীমত নিযুক্তি ভাৰতৰ আয়েশা শ্বাহৰ ৷ কাশ্মীৰত জন্মগ্ৰহণ কৰা আয়েশা শ্বাহ হোৱাইট হাউছৰ ডিজিটেল ৰণনীতি কাৰ্যালয়ৰ সদস্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷

প্ৰতিষেধক 'Pneumosil' মুকলি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

দেশৰ প্ৰথমটো pneumococcal conjugate প্ৰতিষেধক 'Pneumosil' মুকলি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷ ছিৰাম ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (SIIPL) বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেছনৰ সহযোগিতাত প্ৰস্তুত কৰি উলিয়াইছে এই প্ৰতিষেধক ৷

তেলেংগানাত চিনাক্ত নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী

তেলেংগানাত চিনাক্ত হৈছে নতুন লক্ষণৰ COVID-19ৰ প্ৰথমজন ৰোগী ৷ আমেৰিকাৰ পৰা তেলেংগানালৈ অহা এজন ৪৯ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে নতুন COVID-19। সম্প্ৰতি ৱাৰাংলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ব্যক্তিজনক ৷

ৰাজ্যত মাদ্ৰাছা বন্ধৰ বাবে বিধানসভাত উত্থাপন বিধেয়ক

বিধানসভাত এক হুলস্থুলীয়া পৰিস্থিতিৰ মাজত উত্থাপিত হয় "দ্য আছাম ৰিপিলিং বিল ২০২০" । বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্থাপন কৰা এই বিধেয়কখন গৃহিত হ'লে অসমত মাদ্ৰাছা শিক্ষা সঞ্চালকালয় বন্ধ হৈ পৰিব ৷

দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল

এইবেলি বাতিল হৈছে চিৰাঙৰ দৈজিং মহোৎসৱৰ কাৰ্যসূচী ৷ কোভিড 19 তথা বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয় প্ৰতিবছৰে অনুষ্ঠিত বাৰেৰহণীয়া দৈজিং মহোৎসৱ ৷ দৈজিং মহোৎসৱ বাতিল হোৱাত স্থানীয় লোকে বছৰৰ শেষত পিকনিক খোৱাৰ বাবে নিৰ্বাচন কৰে আই নদীৰ পাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.