ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Dec 2, 2020, 1:27 PM IST

সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস

সম্পূৰ্ণ তাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস ৷ মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

নুমলীগড়ত হস্তী-মানৱৰ সংঘাত: যুৱকক গছকি আঘাতপ্ৰাপ্ত কৰাৰ দৃশ্য ভাইৰেল

গোলাঘাটৰ নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ দৃশ্য ভাইৰেল ৷ এটা প্ৰকাণ্ড হাতীয়ে গুৰিয়াই গুৰিয়াই আক্ৰমণ কৰে এজন যুৱ কৃষকক ৷ যুৱকজনক অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ৷

পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

পবা সংৰক্ষিত বনাঞ্চলক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ইয়াৰ সৌন্দৰ্য্য বৰ্তাই ৰখাৰ প্ৰচেষ্টা হাতত লৈছে জোনাইৰ কেইগৰাকীমান স্থানীয় যুৱকে ৷ পবা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত তিনি মাইল ঘাটৰ গছ-গছনিত চূণ সানি সৌন্দৰ্য বৰ্ধনৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে প্ৰকৃতিপ্ৰমী যুৱকৰ দলটোয়ে ৷

ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব সুশীল মোডীয়ে

বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুশীল মোডীয়ে আজি মনোনয়ন দাখিল কৰিব । মনোনয়ন দাখিলৰ সময়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছৱালৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব ।

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব : অতুল বৰা

বিশ্বনাথ চাৰিআলিত মঙলবাৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সমালোচনা অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য়িক কৃষি মন্ত্ৰী অতুল বৰা ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব বুলি মন্তব্য় কৰে মন্ত্ৰী বৰাই ৷

70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ

পাণ্ডু-কামাখ্যা সংযোগী নতুন পথৰ কাম-কাজ ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে ৷ এই নতুন পথটোৰ মুঠ দৈৰ্ঘ হৈছে 4.3 কি: মি: ৷

টছত জয়ী হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

আজি ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয় এদিনীয়া ৷ ভাৰতে পূৰ্বেই 2-0 ত শৃংখলা হেৰুৱাইছে ৷ তৃতীয় তথা অন্তিম মেচত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতীয় দলৰ ৷

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টাৰ বাবে আবেদন জনাবলৈ জিলা উপায়ুক্তৰ আহ্বান ৷

হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগত ইস্তাহাৰ : হাগ্ৰামা মহিলাৰী

মঙলবাৰে 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাউলিয়াবাৰী পথাৰত অনুষ্ঠিত হোৱা বিপিএফ দলৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিত দৈমাৰীক খেদা খোৱা নেতা আখ্য়া হাগ্ৰামাৰ ৷

জম্মু-কাশ্মীৰত চিআৰপিএফ বেটেলিয়নলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ

জম্মু-কাশ্মীৰৰ ছ'প'ৰেত ১৭৯ চিআৰপিএফ বেটেলিয়ন থকা স্থানলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ । কোনো লোক হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.